--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেগাষ্টাৰ অমিতাভ বচ্চনৰ জনপ্ৰিয়তা কিমান সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। নাম, যশস্যা, সন্মান, মৰম, ধন, টকা-পইচাৰে বৰ্ণাঢ্য অমিতাভ বচ্চনৰ জীৱন। আপুনি জানেনে ৰাজস্থানৰ জয়ছালমেৰৰ মানুহে অমিতাভ বচ্চনক ভগৱান বুলি গণ্য কৰে।আজি আমি ইয়াৰ আঁৰৰ কাৰণ আপোনালোকক জনাবলৈ ওলাইছো। শেহতীয়াকৈ চলচ্চিত্ৰ পৰিচালক অপূৰ্ব লখিয়াই সংবাদ মাধ্যমৰ আগত এক অদ্ভুত ঘটনাৰ বিষয়ে বৰ্ণনা কৰিছে।

অপূৰ্ব লখিয়াই কয় যে ২০০২-০৩ চনত অভিষেক বচ্চনৰ ‘মুম্বাই ছে আয়া মেৰা দোষ্ট’ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়তে অমিতাভ বচ্চন পৰিয়ালৰ সৈতে জয়ছলমেৰৰ চেটলৈ আহিছিল। সেই সময়ত জয়ছালমেৰত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল। এটুপি পানীৰ বাবে হাহাকাৰ কৰিছিল জয়ছালমেৰবাসীয়ে। এজাক বৰষুণৰ অপেক্ষাত তেওঁলোকে আৰ্তনাদ কৰিছিল। পানীৰ অভাৱত খেতি পথাৰ শুকাই গৈছিল। খৰাং পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ ঈশ্বৰক কৰিছিল প্ৰাৰ্থনা। পানীৰ অভাৱত বহু কষ্টত ছটফটাইছিল জয়ছালমেৰৰ মানুহে। 

নৱবৰ্ষ উদযাপন কৰিবলৈ জয়ছালমেৰলৈ আহিছিল অমিতাভ বচ্চন। লগত আছিল পত্নী জয়া বচ্চন, কন্যা শ্বেতা আৰু বন্ধু অমৰ সিং। 

অমিতাভ বচ্চন সেই স্থানত উপস্থিত হোৱাৰ লগে লগে আকাশখন ক’লা ডাৱৰে আৱৰি ধৰিলে, ঠিক ‘লগান’ৰ দৃশ্যটোৰ দৰেই। গাড়ীৰ পৰা নামি তেওঁ পুত্ৰ অভিষেকক সাৱটি ধৰাৰ লগে লগে প্ৰচণ্ড বৰষুণ দিবলৈ ধৰিলে। বৰষুণ ইমানেই ধাৰাষাৰ হ’বলৈ ধৰিলে যে নদীবোৰ পানীৰে ভৰি পৰিল। ইমান দিনে বৰষুণৰ অপেক্ষাত ৰৈ থকা মানুহবোৰে অমিতাভ বচ্চন অহাৰ লগে লগেই বৰষুণ দিয়া দেখি তেওঁক ঈশ্বৰ বুলি মানিবলৈ ল’লে। তেওঁলোকে ভাবিবলৈ ল’লে যে অমিতাভ বচ্চনৰ বাবেই তেওঁঁলোকৰ সমস্যাৰ সমাধান হ’ল। ইয়াৰ পাছত হোটেলৰ বাহিৰত ৪০-৫০ হাজাৰ লোকে তেওঁৰ ভৰি চুবলৈ থিয় হৈছিল কাৰণ তেওঁলোকে অনুভৱ কৰিছিল যে অমিতাভ বচ্চনৰ ৰূপত জয়ছালমেৰলৈ ভগৱান আহিছে। তেওঁলোকে এতিয়াও এই ঘটনাক অলৌকিক বুলি গণ্য কৰে

এই কথা বৰ্ণনা কৰি অতি আৱেগিক আৰু ৰোমাঞ্চিত হৈ পৰিছিল পৰিচালক অপূৰ্ব লখিয়া।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?