--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে লেহেমীয়া অভাৰ ৰেটৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক জৰিমনা বিহা হৈছে। এই ৰোমাঞ্চকৰ খেলখনত ৰাজস্থানে ৬ ৰানত জয়লাভ কৰে যদিও দলৰ অধিনায়ক ৰিয়ান পৰাগৰ সমস্যা বাঢ়ি যায়। 

ৰিয়ানৰ পূৰ্বে দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াকো লেহেমীয়া অভাৰ ৰেটৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হয়। ৰিয়ান পৰাগৰ বিৰুদ্ধে আৰোপ কৰা জৰিমনা সন্দৰ্ভত বিচিচিআইয়ে কয়, "২০২৫ চনৰ ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ ১১ সংখ্যক মেচত তেওঁৰ দলটোৱে লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক জৰিমনা বিহা হৈছে ।"

আৰু লগতে কয়"যিহেতু আই পি এলৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদৰ অধীনত তেওঁৰ দলৰ এই ছিজনৰ প্ৰথমটো অপৰাধ আছিল, যিটো নূন্যতম অতিৰিক্ত হাৰৰ অপৰাধৰ সৈতে জড়িত, সেয়েহে পৰাগক ১২ লাখ টকা জৰিমনা বিহা হয় ।

উল্লেখ্য যে এই অপৰাধৰ বাবে হাৰ্দিকক আই পি এল ২০২৪ত তিনিবাৰকৈ শাস্তি দিয়া হৈছিল, তাৰ পিছত তেওঁক এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াৰ বাবেই আই পি এল ২০২৫ৰ প্ৰথমখন মেচত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকীক দলৰ পৰা বাদ দিবলগীয়া হৈছিল।কিন্তু এইবাৰ নিয়ম সলনি হৈছে, য’ত ইয়াৰ বাবে কোনো খেলুৱৈক নিষিদ্ধ কৰা নহ’ব।

টছত পৰাস্ত হোৱাৰ পিছত ৰিয়ান পৰাগ আৰু তেওঁৰ দলটোৱে প্ৰথমে বেটিং কৰিব লগা হয়। দলটোৰ আৰম্ভণি অতি বেয়া আছিল, য’ত দলটোৱে প্ৰথমটো অভাৰতে যশস্বী জয়ছৱালৰ প্ৰথমটো উইকেট হেৰুৱায়। আগতীয়াকৈ আউট হোৱাৰ পিছত চেন্নাই ছুপাৰ কিংছৰ বলাৰৰ বিৰুদ্ধে নীতিশ ৰাণা আৰু সঞ্জু চেমছনে যথেষ্ট ৰাণ লয়। নীতিশে মাত্ৰ ৩৬টা বলত ৮১ ৰানৰ ইনিংছ খেলিছিল, য’ত দহটা চাৰি আৰু ৫টা ছয় আছিল।

এই সময়ছোৱাত তেওঁ আই পি এল ২০২৫ৰ দ্বিতীয় দ্ৰুততম অৰ্ধশতক অৰ্জন কৰে। ৰাজস্থানে দিয়া ১৮৩ ৰানৰ লক্ষ্যৰ প্ৰতি সঁহাৰি জনাই চি এছ কে দলে নিৰ্ধাৰিত অভাৰত মাত্ৰ ১৭৬ ৰানহে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ অধিনায়ক ৰুতুৰাজ গাইকৱাদে ৪৪টা বলত ৬৩ ৰানৰ ইনিংছ খেলিছিল। তেওঁৰ বাহিৰে ৰবীন্দ্ৰ জাদেজাই ৩২ ৰানৰ অপৰাজিত ইনিংছ খেলিবলৈ সক্ষম হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?