--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নগাঁও : মধ্য অসমৰ যথেষ্ট পৰিচিত তথা ৰাজ্যৰ এখন আগশাৰীৰ কনিষ্ঠ মহাবিদ্যায়ৰ নাম পুনৰ সাঙুৰ খাইছে বিতৰ্কত ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান আজুৰি আনিবলৈ সক্ষম হোৱা অসমৰ শৈক্ষিক জগতত পৰিচিত হৈ পৰা নগাঁও চহৰৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা সম্প্ৰতি এক অভাৱনীয় বিপদৰ সন্মুখীন হৈছে। কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষজনলৈ নগাঁও পৌৰসভাই তেওঁ নীতি বৰ্হিভূতভাৱে নিৰ্মাণ কৰা এটা ছয় মহলীয়া ঘৰৰ তিনিটা মহলা ভাঙি দিবৰ বাবে নিৰ্দেশ দিছে

অসম পৌৰসভা আইন ১৯৫৬ অনুযায়ী নগাঁও পৌৰসভাই প্ৰেৰণ কৰা এই জাননীত উল্লেখ আছে যে, দিলীপ বৰাই নগাঁও পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ জে এছ পথত টাউন মৌজাৰ নগাঁও কিচামৰ ৪০৩ নং দাগত এটা ৬ মহলীয়া গৃহ নিৰ্মাণ কৰিছিল। এই গৃহটোৰ ভুমি মহলাকে (গ্ৰাউণ্ড ফ্ল'ৰ) ধৰি ৩ টা মহলাৰহে অনুমতি নগাঁও পৌৰসভাই প্ৰদান কৰিছিল। কিন্তু নীতিবৰ্হিভূতভাৱে অতিৰিক্ত ৩ টা মহলাসহ ৬ মহলীয়া গৃহটো দিলীপ বৰাই নিৰ্মাণ কৰিছিল ।

নগাঁও পৌৰসভাই এই ক্ষেত্ৰত দিলীপ বৰালৈ যোৱা ২০ জুলাইত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ পাছত তেওঁ ২৭ জুলাইত ইয়াৰ লিখিত উত্তৰ নগাঁও পৌৰসভাত দাখিল কৰে। এই উত্তৰত কনিষ্ঠ মহাবিদ্যালয় খনৰ অতিৰিক্ত ৩ টা মহলা পৌৰসভাৰ অনুমতি নোলোৱাকৈ নিৰ্মাণ কৰাৰ কথা স্বীকাৰ কৰে। সেয়ে নগাঁও পৌৰসভাই ৪, ৫ আৰু ৬ এই তিনিটা মহলা অহা ৩০ দিনৰ ভিতৰ আঁতৰাই পেলাবলৈ অৰ্থাৎ ভাঙি পেলাবলৈ নিৰ্দেশ জাৰী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?