ডিজিটেল ডেস্কঃ ৰাজ্য বনাম কেন্দ্ৰীয় চৰকাৰৰ গোচৰত কেন্দ্ৰৰ কোনো অধিবক্তা উপস্থিত নথাকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।
২০২১ চনত চিবিআইয়ে বিধানসভাৰ পিছত নিৰ্বাচনী হিংসাৰ তদন্ত আৰম্ভ কৰাৰ পিছত সেই বছৰতে মমতা বেনাৰ্জীৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল।পশ্চিমবংগই যুক্তি আগবঢ়াইছিল যে ৰাজ্য চৰকাৰে চিবিআইৰ তদন্তৰ অনুমতি প্ৰত্যাহাৰ কৰিছে। ইয়াৰ পিছতো চিবিআইয়ে বহু তদন্তৰ এফআইআৰ দাখিল কৰিছে।
সংবিধানৰ ১৩১ অনুচ্ছেদত উচ্চতম ন্যায়ালয়ক কেন্দ্ৰ-ৰাজ্যৰ বিবাদত হস্তক্ষেপ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে। সেই অনুসৰি ৰাজ্যই উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি ‘মূল দেৱানী গোচৰ’ দাখিল কৰে।
উচ্চতম ন্যায়ালয়ে গোচৰটো গ্ৰহণ কৰিবলৈ সন্মতি দিয়াৰ পিছত সোমবাৰে প্ৰথম শুনানি গ্ৰহণ কৰা হৈছিল যদিও কেন্দ্ৰৰ কোনো জ্যেষ্ঠ অধিবক্তাৰ অনুপস্থিতিত ক্ষোভ প্ৰকাশ কৰে ন্যায়াধীশ বি আৰ গাভাইয়ে। উক্ত গোচৰটোৰ পুনৰ শুনানি অনুষ্ঠিত হ’ব ১৮ মাৰ্চত।