--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিৰোধী শিবিৰে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱৰ জাননী প্ৰেৰণ কৰা সন্দৰ্ভত বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি পুৰীৰ সাংসদ সম্বিত পাত্ৰই কয় যে কংগ্ৰেছে অনাস্থা প্ৰস্তাৱ আনি জাট সম্প্ৰদায়ক অপমান কৰিছে৷ কিন্তু জাটসকলে কেতিয়াও পৰি নিদিয়ে বুলি কংগ্ৰেছে নাজানে বুলি বিৰোধী শিবিৰক কটাক্ষ কৰে৷

ৰাজ্যসভাত জগদীপ ধনখৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্রস্তাৱৰ সৈতে জাটসকলৰ সন্মান জড়িত হৈ আছে বুলি উল্লেখ কৰে৷ বিজেপি সাংসদ সম্বিত পাত্ৰই সংবাদমেলত কয় যে কংগ্ৰেছে কেতিয়াও কৃষক আৰু জাট সম্প্ৰদায়ক অপমান কৰিবলৈ সুযোগ নেৰে। গান্ধী পৰিয়ালৰ নিৰ্দেশত ধনখৰৰ বিৰুদ্ধে এই প্ৰস্তাৱ অনা হৈছে বুলি বিজেপি সাংসদ গৰাকীয়ে অভিযোগ উত্থাপন কৰে৷

বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সমেবোধন কৰি লগতে কয় যে কংগ্ৰেছে অ’বিচিৰ প্ৰধানমন্ত্ৰীক সকলো সময়তে অপমান কৰি আহিছে। কংগ্ৰেছ নেতাসকলে জনজাতীয় সমাজৰ দ্ৰৌপদী মুৰ্মুক বহুবাৰ অপমান কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। আৰু এতিয়া কৃষকৰ সন্তান জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰা হৈছে বুলি উল্লেখ কৰে৷ লগতে কয় যে জাট সম্প্ৰদায়ৰ লোকসকলে সদায় সততাৰে কাম কৰে৷জনসাধাৰণে কৃষকৰ সন্তানৰ এই অপমানৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰে৷ 

সাংসদৰাকীয়ে আৰু কয় যে যিহেতু বিৰোধী পক্ষৰ হাতত প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ অভাৱৰ বাবে এই জাননী অৰ্থহীন আৰু ইয়াৰ পিছতো এই প্ৰস্তাৱ অনাটোৱে জাটসকলক অপমানৰ বাবে এই প্ৰস্তাৱ অনা হৈছে বুলিও অভিযোগ কৰিছে। উপ-ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ উত্থাপন এইয়াই প্ৰথম বুলিও উল্লেখ কৰে৷ তেওঁৰ বিৰুদ্ধে 

ইফালে জগদীপ ধনখৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ মতে ধনখৰৰ কাৰ্যপন্থাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।বিৰোধী দলসমূহে তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হৈ পৰিছে বুলি উল্লেখ কৰে৷ 

উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতিক অপসাৰণ কৰিবলৈ ৰাজ্যসভা আৰু লোকসভা দুয়োখনতে এক তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন।

সম্প্ৰতি ৰাজ্যসভা আৰু লোকসভা দুয়োখন সদনতে এন ডি এৰ একক সংখ্যাগৰিষ্ঠতা আছে৷ তেনে পৰিস্থিতিত বিৰোধীৰ এই অনাস্থা প্ৰস্তাৱ কিমানদূৰ ফলপ্ৰসু হয় সেয়া লক্ষনীয় হ’ব৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?