--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান দেশজুৰি চৰ্চা লাভ কৰা এটা বিষয় হ’ল ৱাকফ (সংশোধনী) বিধেয়ক। বুধবাৰে নিশা লোকসভাত গৃহীত হোৱাৰ পাছত বৃহস্পতিবাৰে ৰাজ্যসভাত উত্থাপন কৰা ৱাকফ (সংশোধনী)-২০২৪ বিলখন ৰাজ্যসভাতো গৃহীত হয়। শাসক, বিৰোধীৰ  তীব্ৰ বাকযুদ্ধ মাজত বৃহস্পতিবাৰে গভীৰ নিশা ২.৩৩ বজাত ৰাজ্যসভাত গৃহীত হয় এই বিধেয়ক।

২৩৬ সদস্যৰ উচ্চ সদনখনত বিলখন গৃহীত কৰাৰ ক্ষেত্ৰত ২২৩ গৰাকী সাংসদেহে অংশগ্ৰহণ কৰে। এই বিলখনৰ সপক্ষে ১২৮ গৰাকী সদস্যই ভোটদান কৰাৰ বিপৰীতে বিলখনৰ বিৰুদ্ধে ৯৫ গৰাকী সাংসদেহে ভোটদান কৰে। ইয়াৰ বিপৰীতে ১৩ গৰাকী সাংসদ ভোটদানৰ সময়ত অনুপস্থিত থাকে উচ্চ সদনত। 

এতিয়া এই বিধেয়কখন আইন হ’বলৈ মাত্ৰ এখোজ আঁতৰত। ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব আৰু তাৰ পৰা অনুমোদন পোৱাৰ লগে লগে এই বিধেয়কখনে আইনৰ ৰূপ ল’ব। 

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে কয় যে, এই বিধেয়কখনত বহু অভাৱ আৰু ত্ৰুটি আছে। চৰকাৰে এই বিধেয়কখন আনিছে মুছলমান সমাজক হাৰাশাস্তি কৰিবলৈ। তেওঁ কয় যে, ৱাকফ ব’ৰ্ড সন্দৰ্ভত আইন পূৰ্বৰে পৰা আছে আৰু ইয়াক সলনি কৰিব পাৰি। নতুন বিলৰ প্ৰয়োজন নাই। বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈও খৰ্গে চৰকাৰক আবেদন জনায়।

বিজেপি নেতা সুধাংশু ত্ৰিবেদীয়ে কয় যে, চৰকাৰে এই বিধেয়কখন সততাৰে কাম কৰিছে আৰু মুছলমান সমাজৰ কল্যাণৰ বাবে এই বিধেয়কখন দাখিল কৰা হৈছে।

উল্লেখ্য যে ৱাকফ শব্দৰ অৰ্থ হৈছে মুছলমানসকলে ধৰ্মীয়, শৈক্ষিক বা দাতব্য কাৰণত কৰা দান ।

বৰ্তমানৰ ৱাকফ আইন মতে, ৱাকফে ইছলামিক আইনৰ অধীনত কেৱল ধৰ্মীয় বা দাতব্য উদ্দেশ্যৰ বাবে সমৰ্পিত সম্পত্তিবোৰ বুজায় । আনহাতে, এই সম্পত্তিৰ আন যিকোনো ব্যৱহাৰ বা বিক্ৰী নিষিদ্ধ কৰিছে ।

ৱাকফ ঘোষণা কৰা সম্পত্তি এটা উত্তৰাধিকাৰীসূত্ৰে, উপহাৰ হিচাপে প্ৰদান বা বিক্ৰী কৰিব নোৱাৰি। 'ৱাকিফ' হৈছে এগৰাকী ব্যক্তি, যিয়ে হিতাধিকাৰীৰ বাবে ৱাকফ সৃষ্টি কৰে । 

যোৱা ২০২৪ চনৰ 8 আগষ্টত ৱাকফ (সংশোধনী) বিধেয়ক-২০২৪ লোকসভাত উত্থাপন কৰা হৈছিল। বিধেয়কখনক লৈ যথেষ্ট বিতৰ্ক হোৱাৰ পাছত সংসদৰ দুয়োখন সদনৰ যুটীয়া সমিতিলৈ বিধেয়কখন প্ৰেৰণ কৰা হৈছিল। 

ৱাকফ ব'ৰ্ড হৈছে সশস্ত্ৰ বাহিনী আৰু ভাৰতীয় ৰে'লৱেৰ পিছত ভাৰতৰ সৰ্ববৃহৎ ভূমিৰ মালিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?