--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া কংগ্ৰেছ শাসনৰ অভিজ্ঞতা আছে। বিগত দিনত ৰাইজে বিজেপিকো শাসনত অধিষ্ঠিত কৰিছে।কিন্তু ৰাইজে আশা কৰা দৰে উন্নয়ন হোৱা নাই।ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসা সেৱাৰ পৰা পৰা বঞ্চিত হৈছে। চৰকাৰী শিক্ষাখণ্ডৰ অৱস্থা পুতৌজনক। বৰ্তমানৰ চৰকাৰৰ দিনত ৮ হাজাৰতকৈ অধিক চৰকাৰী স্কুল বন্ধ হৈছে।পঞ্চায়তৰ আঁচনি ৰূপায়নৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে। দিল্লী আৰু পঞ্জাৱত আপৰ চৰকাৰৰ উন্নয়নৰ মডেল আমি অসমতো প্ৰৱৰ্তনৰ পোষকতা কৰিছে। 

যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ শিলিখা চাহ বাগিচা প্ৰেক্ষাগৃহত আম আদমি পাৰ্টীৰ এখন যোগদান সভাত উপস্থিত থাকি এইদৰে কয় আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। আপৰ নেতা দিব্যজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত হৰিদাস বাউৰী আৰু মহাবীৰ বাস্কেৰ তৎপৰতাত তিনি শতাধিক লোকে আপত যোগদান কৰে৷ আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে হাতত ঝাড়ু লৈ সকলোকে গাঁৱে গাঁৱে, পঞ্চায়তে পঞ্চায়ত সোমাই যাবলৈ আহ্বান জনায়৷ ধানোৱাৰে কয় যে আম আদমি পাৰ্টীৰ ঝাড়ুয়েহে পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি দলৰ চৰকাৰে এৰি যোৱা লেতেৰাবোৰ নিকা কৰিব পাৰিব৷ 

সভাত দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীব শইকীয়াই পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে কংগ্ৰেছ আৰু বিজেপি দল সলনা সলনিকৈ ক্ষমতালৈ আহিবৰ বাবে চেষ্টা কৰিব পাৰে, কিন্তু এই দুটা দলৰ চৰকাৰ শাসনত থাকিলে ৰাইজৰ মৌলিক সমস্যা সমাধান নহয়৷ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন হ'লেহে ৰাইজ সমস্যাৰ পৰা মুক্ত হ'ব বুলি তেওঁ বক্তব্যত প্ৰকাশ কৰে৷ 

আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনত পঞ্চায়তসমুহ আপৰ দখললৈ আনিবৰ বাবে দলক আঁকোৱালি ল'বলৈ তেওঁ ৰাইজক আহ্বান জনায়৷ ২০২৬ ৰ নিৰ্বাচনত মৰিয়নি বিধানসভা সমষ্টিৰ পৰা যাতে আপৰ বিধায়ক নিৰ্বাচিত কৰি পথাব পাৰি তাৰ বাবে তেওঁ ৰাইজৰ আৰ্শীবাদ বিচাৰে৷ সভাত আপ যুৱ শক্তিৰ ৰাজ্যিক সভাপতি বাবুল বিকাশ চেতিয়া, আপৰ নেতা সূৰ্যমোহন দাস, ছাহিল হাজৰিকা, নিজু দিহিঙ্গীয়া, পল্লৱ শইকীয়া, সুদীপ্ত ছেও, উদয় বৰা আদি উপস্থিত আছিল৷ সভাৰ আৰম্ভণিতে অঞ্চলটোৰ স্থানীয় যুৱক-যুৱতীসকলে ছাওৰা আৰু উৰিয়া নৃত্য প্ৰদৰ্শন কৰে
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?