গুৱাহাটী : সম্মুখত বিধানসভা নিৰ্বাচন৷ নিৰ্বাচনৰ পূৰ্বে সঘনাই অসমলৈ আহিছে প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীকে ধৰি ৰাষ্ট্ৰীয় দলৰ শীৰ্ষ নেতাবৰ্গ৷ চলিত মাহতে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ৷
আৰু পঢ়িব পাৰিব : গুৱাহাটীত বিদেশ মন্ত্ৰী-জাপানৰ ৰাষ্ট্ৰদূত : কামাখ্য দৰ্শন কৰোৱালে মন্ত্ৰী হিমন্তই…
অহা ২২ ফেব্ৰুৱাৰীত চিলাপথাৰৰ কুলাজানত বৃহৎ জনসভাত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ইয়াৰ উপৰি ১৮ ফেব্ৰুৱাৰীত মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভণি কৰিব মাজুলী-যোৰহাট দলঙৰ৷
আৰু পঢ়িব পাৰিব : প্ৰেমৰ দিনটোতে এচিড আক্ৰমণৰ বলি ডিব্ৰুগড়ৰ যুৱতী…
ইপিনে ২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ৷ বটদ্ৰৱা থান দৰ্শন কৰিব অমিত শ্বাহে৷ অভিলাষী বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰি এক বিশাল ৰাজহুৱা সভাতো ভাষণ দিব অমিত শ্বাহে৷ ইতিমধ্যে বিজেপিৰ নিৰ্বাচনী ৰণদংকা বজাবৰ বাবে ইখনৰ পাছত সিখনকৈ জনসভাত অংশ লৈছে দুয়োগৰাকী শীৰ্ষনেতাই৷ ৰাজ্যিক বিজেপিৰ নেতা-কৰ্মীয়েও ব্যাপক প্ৰস্তুতি চলাইছে৷