--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত তুলসী গছৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ আছে। হিন্দুধৰ্মৰ প্ৰতিঘৰ লোকৰ ঘৰতে তুলসী গছ ৰোপণ কৰা হয়, কাৰণ তুলসীয়ে ঘৰলৈ সুখ-সমৃদ্ধি আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ কৰে। তুলসী দুই প্ৰকাৰৰ– ৰাম তুলসী আৰু শ্যামা তুলসী। ঘৰত কোনবিধ তুলসী গছ শুভ আৰু ইয়াৰ বিশেষত্ব কি জানো আহক।

 ১. ৰাম আৰু শ্যাম তুলসীৰ মাজত পাৰ্থক্য কি?

ৰাম আৰু শ্যামা তুলসী দুয়োবিধ গছেই অতি শুভ। এই দুই ধৰণৰ গছৰে নিজস্ব বিশেষত্ব আছে। দেখাত বেলেগ বেলেগ আৰু অতি সহজে চিনিব পাৰি এই দুয়োবিধ গছ।

 শ্যামা তুলসীঃ-শ্যামা তুলসীৰ পাতবোৰ গাঢ় সেউজীয়া বা বেঙুনীয়া ৰঙৰ হয়। হিন্দুশাস্ত্ৰৰ মতে শ্যামা তুলসীক ভগৱান শ্ৰীকৃষ্ণই বহুত ভাল পাইছিল। সেইবাবেই এই তুলসীক শ্যামা তুলসী বা কানহাৰো বুলিও জনা যায়। ৰাম তুলসীতকৈ ইয়াৰ মধুৰতা কম।

 ৰাম তুলসীঃ-ৰাম তুলসীৰ পাতৰ ৰং সেউজীয়া। ৰাম তুলসী ভগৱান ৰামৰ অতি প্ৰিয় আছিল বুলি বিশ্বাস কৰা হয়, সেয়েহে ইয়াক ৰাম তুলসী বুলি কোৱা হয়। ৰাম তুলসীৰ পাতবোৰ অতি মিঠা আৰু ঘৰতে ৰোপণ কৰিলে অতি শুভ ফলৰ লগতে সুখ-সমৃদ্ধি বৃদ্ধি পায়। পূজাত কেৱল ৰাম তুলসীহে ব্যৱহাৰ কৰা হয়।

 এই তুলসী ঘৰতে ৰোপণ কৰকঃ-ৰাম আৰু শ্যামা তুলসী দুয়োবিধেই ঘৰত ৰোপণ কৰাটো অতি শুভ। কিন্তু পূজাত ৰাম তুলসী ব্যৱহাৰ কৰাৰ বাবে প্ৰায়বোৰ ঘৰতে কেৱল ৰাম তুলসী ৰোপণ কৰা হয়। ইয়াৰ ফলত প্ৰগতিৰ পথো মুকলি হয়। আনহাতে, তুলসী ৰোপণৰ বাবে আটাইতকৈ শুভ দিনবোৰ হ’ল বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰ। এইকেইদিনত তুলসী ৰোপণ কৰিলে ভগৱান বিষ্ণু আৰু মালক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়। আনহাতে একাদশী, গ্ৰহণ দিন, দেওবাৰ, সোমবাৰ আৰু বুধবাৰে তুলসী পাত চিঙাটো অশুভ বুলি গণ্য কৰা হয়। একাদশী, দেওবাৰ আৰু সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ দিনতো তুলসী গছ কেতিয়াও স্পৰ্শ কৰিব নালাগে। নতুবা পানী দিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?