ডিজিটেল ডেস্ক: ৰাম মন্দিৰ নিৰ্মানৰ পাছত ৫০০ বছৰৰ এক সুদীৰ্ঘসময়ৰ অন্তত এইবাৰ দীপাৱলীত ভগৱান ৰামলালাৰ অভিষেক সম্পন্ন হ’ব৷ এই বিশেষ দিনটোত এক নতুন বিশ্ব অভিলেখ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। ২৫ লাখৰো অধিক বন্তি জ্বলাই আলোকিত কৰা হ’ব অযোধ্যা।
ভগৱান শ্ৰীৰামক আদৰিবলৈ সাজু হৈছে অযোধ্যা চহৰ। ৫০০ বছৰৰ পাছত ৰাম মন্দিৰৰ দীপাৱলী অযোধ্যাৰ লগতে সমগ্ৰ দেশৰ ভক্তসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ এইবাৰৰ অযোধ্যাৰ দীপাৱলীৱে বিশেষ ঐতিহ্য বহন কৰিছে৷
উল্লেখযোগ্য যে বিগত কেইবছৰমানৰ পৰাহে অযোধ্যাত দীপাৱলী উদযাপন কৰা হৈছে, কিন্তু এইবাৰ নৱনিৰ্মিত ৰাম মন্দিৰত ৰামলালাৰ অভিষেকে অনুষ্ঠানটোক অধিক বিশেষ কৰি তুলিছে।
উত্তৰ প্ৰদেশ চৰকাৰে পোহৰৰ উৎসৱটোক বিশেষ কৰিতুলিবৰ বাবে প্ৰস্তুতি চলাইছে। চৰকাৰ খনে ‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ড’ত স্থান দখলৰ লক্ষ্যৰে অযোধ্যাৰ সকলো ঘাট ২৫ লাখৰো অধিক বন্তি জ্বলাই পোহৰাই তুলিব৷ এই অনুষ্ঠানৰ বাবে ভগৱান ৰামৰ ভৰি দুখন আচৰিত ধৰণে সজাই তোলা হৈছে।
এই অনুষ্ঠানটো সফল কৰিবলৈ হাজাৰ হাজাৰ স্বেচ্ছাসেৱক বন্তি জ্বলোৱা আৰু চোৱা-চিতা কৰাত নিয়োজিত কৰা হৈছে।অযোধ্যাৰ চহকী সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি সদৰি কৰিছে।