--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ সৰ্ববৃহৎ আৰু অতি ভয়ংকৰ সাপ আনাকোণ্ডাৰ কথা বিভিন্ন ছবি আৰু ৰূপকথাত বৰ্ণনা কৰি অহা হৈছে৷ শেহতীয়াকৈ  আমাজন বৰ্ষাৰণ্যত  নেচনেল জিওগ্ৰাফিকৰ অভিযানৰ সময়ত পৃথিৱীৰ সৰ্ববৃহৎ সাপবিধৰ  দুটা আনুবংশিকভাৱে পৃথক প্ৰজাতি  পুনৰ আৱিষ্কাৰ হৈছে৷ সেই প্ৰজাতি দুবিধ হৈছে  চাউথ গ্ৰীন আনাকোণ্ডা আৰু নৰ্থ গ্ৰীন আনাকোণ্ডা (ইউনেক্টেছ আকাইমা)। অভিযানকাৰীৰ দলটোৱে  উইল স্মিথৰ  আহিবলগীয়া নাট জিঅ'ৰ শৃংখলা পোল টু পোলৰ বাবে চিত্ৰগ্ৰহণ কৰি আছিল৷ তেতিয়াই তেওঁলোকে ইকুৱেডৰত ২৬  ফুট দীঘল আৰু ২০০ কিলোগ্ৰাম ওজনৰ সাপবিধৰ  সন্মুখীন হৈছিল৷ তেওঁলোকে সংগ্ৰহ কৰা তেজ আৰু কোষকলাৰ নমুনা পৰীক্ষা কৰাৰ পিছত এই সিদ্ধান্তত উপনীত হৈছে যে  সেই সাপবিধ আনাকোণ্ডাৰে বংশধৰ৷ 


অভিযানটোৰ নেতৃত্ব দিয়া  কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানী  ব্ৰাইন ফ্ৰাই ব্যাখ্যা এইবুলি কৰিছে " সেইবোৰ আনুবংশিকভাৱে আনকোণ্ডাৰ পৰা  চাৰে পাঁচ শতাংশ পৃথক।" বহু  বিশেষজ্ঞই দীৰ্ঘদিন ধৰি সন্দেহ কৰি আহিছে যে একাধিক সেউজীয়া আনাকোণ্ডা প্ৰজাতি থাকিব পাৰে৷  অধ্যয়নটোৰ ফলাফলে স্পষ্ট কৰে যে চাউথ গ্ৰীন  আনাকোণ্ডা (ইউনেক্টেছ মুৰিনাছ) ব্ৰাজিল, পেৰু, বলিভিয়া আৰু প্ৰান্স গায়ানাত বাস কৰে আনহাতে নৰ্থ গ্ৰীন প্ৰজাতিৰ আনাকোণ্ডাই  ইকুৱেডৰ, কলম্বিয়া, ভেনিজুৱেলা, চুৰিনাম, গায়ানা আৰু ফৰাচী গায়ানাত বিস্তৃত হৈ আছে। 

এটা সময়ত পৃথিৱীত বহদাকাৰ আনাকোণ্ডাই বাস কৰিছিল৷ এতিয়াও সেই বিশালকায় সাপ বিধৰ বংশধৰে পৃথিৱীত বাসকৰাৰ কথা পোহৰলৈ অহাৰ পিছত বিজ্ঞানীসকল আনন্দিত হৈ পৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?