--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতৰ বিশাল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা সোমবাৰে অনুষ্ঠিত হয়৷ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে এই সভাত  বহুতো ব্যৱসায়িক পৰিকল্পনা প্ৰকাশ কৰে। মুকেশ আম্বানীয়ে তেওঁৰ ডাঙৰ পুত্ৰ আকাশ আম্বানীক কোম্পানীৰ কমাণ্ড দিয়াৰ দুমাহ পিছতে ৰিলায়েন্স জিঅ' ইনফোকমৰ অধ্যক্ষপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে সোমবাৰে দেশৰ সৰ্ববৃহৎ কোম্পানীটোৰ একত্ৰীকৰণ পৰিকল্পনা ঘোষণা কৰিছিল।আনকি তিনি সন্তানৰ মাজত ব্যৱসায়ীক সাম্ৰাজ্য ভগোৱাৰ পৰিকল্পনাও কৰিছে আম্বানীয়ে। 
 

ভাৰতৰ প্ৰবীণ ব্যৱসায়ী মুকেশ আম্বানীয়ে তেওঁৰ ডাঙৰ পুত্ৰ আকাশ আম্বানীক ৰিলায়েন্স জিঅ' ইনফোকম হস্তান্তৰ কৰিছে। ৬৫ বছৰীয়া মুকেশ আম্বানীয়ে তেওঁৰ কন্যা ঈশাক খুচুৰা ব্যৱসায়ৰ দিছে৷ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীকো কিছু দ্বায়িত্ব  দিয়া হৈছে। 


মুকেশ আম্বানীয়ে মুকলিকৈ প্ৰকাশ কৰিছে যে, তেওঁৰ তিনিটা সন্তানৰ মাজত ধীৰুভাই আম্বানীৰ দৰেই  মানসিকতা গঢ় লৈ উঠিছে ৷ 
তেওঁলোক  তিনিওজনে একেলগে ৰিলায়েন্সৰ সফলতাৰ ক্ষেত্ৰত আন এক  অধ্যায় সংযোগ কৰাৰ দিশে  আগবাঢ়িছে।  তদুপৰি মুকেশ আম্বানীয়ে  অহা পাঁচ  বছৰত ৰিলায়েন্সৰ বজাৰ মূল্য ১৭.৫  লাখ কোটিৰ পৰা ৩৬ লাখ কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলিও প্ৰকাশ কৰিছে । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?