ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে ড০ ভীমৰাও আম্বেদকাৰৰ জন্ম বাৰ্ষিকীৰ বাবে ১৪ এপ্ৰিলৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰি সমাজ আৰু সংবিধানলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই কথা ঘোষণা কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয় যে, "সমাজত সমতাৰ নতুন যুগ প্ৰতিষ্ঠা কৰা সংবিধান প্ৰণেতা, আমাৰ শ্ৰদ্ধাৰ বাবা চাহেব ড৹ ভীমৰাও আম্বেদকাৰৰ জন্ম বাৰ্ষিকীত ৰাজহুৱা বন্ধ থাকিব ।" শ্বেখাৱাটে কয় যে এই সিদ্ধান্ত গ্ৰহণ কৰি বাবা চাহেবৰ নিষ্ঠাবান অনুগামী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতিৰ আৱেগক সন্মান জনাইছে ।
শ্বেখাৱাটে কয়, "এই সিদ্ধান্ত গ্ৰহণ কৰি বাবা চাহেবৰ নিষ্ঠাবান অনুগামী মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই জাতিৰ আৱেগক সন্মান জনাইছে।"
কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী আদেশতো নিশ্চিত কৰা হৈছে যে আম্বেদকাৰৰ জন্ম বাৰ্ষিকী উপলক্ষে ২০২৫ চনৰ ১৪ এপ্ৰিলত "সমগ্ৰ ভাৰতৰ উদ্যোগিক প্ৰতিষ্ঠানকে ধৰি কেন্দ্ৰীয় চৰকাৰী কাৰ্যালয়সমূহ" বন্ধ থাকিব।
আদেশত কোৱা হৈছে যে ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয়/বিভাগে উপৰোক্ত সিদ্ধান্ত সংশ্লিষ্ট সকলোৰে দৃষ্টিগোচৰ কৰিব লাগিব।