--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়া চীনৰ লক্ষ্য হৈ পৰিছে উত্তৰ মেৰু আৰু ইয়াত থকা বিশাল দুর্লভ খনিজ সম্পদ। এই কথা প্রকাশ কৰিছে আমেৰিকাৰ সামৰিক বাহিনীৰ এজন জ্যেষ্ঠ বিষয়াই। বিষয়াজনে এই বুলি সতৰ্ক কৰি দিয়ে যে চীনে আলস্কাৰ কাষত নিজৰ সামৰিক শক্তি অহৰহ বৃদ্ধি কৰি আছে। দেশখনে অতি সোনকালে আলস্কাৰ কাষত বোমা বৰ্ষণকাৰী বিমান পৰিবাহী যুঁজাৰু জাহাজ মোতায়েন কৰাৰ লগতে সামৰিক ঘাটি স্থাপনৰ দিশত আগবাঢ়িছে। আমেৰিকাৰ উত্তৰ কমাণ্ড (নর্থকম) আৰু উত্তৰ আমেৰিকা এৰ'স্পেচ ডিফেন্স কমাণ্ডৰ মুৰব্বী জেনেৰেল গ্রেগৰি এম গুইলোটে চিনেটৰ সশস্ত্ৰ সেৱা কমিটীৰ আগত এই কথা প্রকাশ কৰে। 

তেওঁ কয় যে চীনে কেৱল আকাশতে নহয় সমুদ্রতো নিজৰ শক্তি বৃদ্ধি কৰিছে। ইয়াৰ লগতে চীন আৰু ৰাছিয়াৰ সহযোগিতাই আমেৰিকাৰ প্ৰতিৰক্ষা কৌশলৰ প্ৰতি ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিছে বুলি তেওঁ কয়। তেওঁৰ মতে উত্তৰ মেৰু এতিয়া সামৰিক শক্তি প্ৰদৰ্শনৰ এক মঞ্চ হৈ পৰিছে। তেওঁ কয় যে উত্তৰ মেৰুত এতিয়া দ্রুত গতিত পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। চীন আৰু ৰাছিয়াই অঞ্চলটোত আধিপত্য বিস্তাৰৰ চেষ্টা কৰি আছে। ইয়াৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ফলত বৰফ গলিবলৈ ধৰিছে। ইয়াৰ ফলত উত্তৰ মেৰুত এতিয়া বিশ্বৰ মহাশক্তিসমূহৰ শক্তি প্ৰদৰ্শনৰ এক নতুন ক্ষেত্ৰত পৰিণত হৈছে। 

সেয়েহে আমেৰিকাই উত্তৰ মেৰুত চীন আৰু ৰাছিয়াৰ পৰা সম্মুখীন হোৱা ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ বাবে নিজৰ মিত্ৰ দেশসমূহৰ সৈতে সজাগ আৰু সতর্ক হৈ থকাৰ প্ৰয়োজন হৈছে। উত্তৰ মেৰুৰ বৰফ গলাৰ ফলত এতিয়া উত্তৰ সামুদ্রিক পথে এক যুগান্তকাৰী পৰিৱৰ্তন আনিছে। ইয়াৰ জৰিয়তে এছিয়া আৰু ইউৰোপৰ মাজত যাত্ৰাৰ সময় যথেষ্ট হ্রাস কৰিছে। আনহাতে উত্তৰ মেৰুত ভূগৰ্ভত থকা বিশ্বৰ ১৩% খাৰুৱা তেল আৰু ৩০% প্রাকৃতিক গেছৰ ভাণ্ডাৰ আছে। ইয়াৰ লগতে আন ভালেমান মূল্যৱান খনিজেৰে ভৰপূৰ হৈ আছে উত্তৰ মেৰু। চীনে ইয়াৰ প্ৰতি চকু ৰাখিছে। চীনৰ পৰা উত্তৰ মেৰুলৈ বহুদূৰ যদিও দেশখনে নিজকে কুমেৰুৰ কাষৰ দেশ বুলি ঘোষণা কৰিছে। ইয়াৰ লগতে কুমেৰুৰ যিটো অংশ নিজৰ কাষৰ বুলি চীনে ঘোষণা কৰিছে উক্ত অঞ্চলটোৰ উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ ধনো বিনিয়োগ কৰিছে।

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?