--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ বনজুইয়ে কালৰূপ ধাৰণ কৰিছে। লছ এঞ্জেলছৰ জংঘলত সংঘটিত বনজুইৰ ভয়াৱহতাত আতংকিত জনসাধাৰণ। 


 এই বনজুই  দ্ৰুতগতিত বিয়পি পৰিছে।  মৃত্যু হৈছে বহু লোকৰ।  জুইত জ্বলি গৈছে বহুতো ডাঙৰ অট্টালিকা, সা- সম্পত্তি। বনজুইত জাহ গৈছে ১০০০ৰো অধিক বাসগৃহ।

 হলিউড হিলছ্‌তো দ্ৰুতগতিত বিয়পি পৰিছে জুই। এই জুইয়ে ছাৰখাৰ কৰিছে হলীউড তাৰকাৰ অট্টালিকা। 

   ইউজিন লেভি চিচি,  এডাম ব্ৰডী, লিটন মেষ্টাৰ  এনা ফাৰিছ,  জোডি স্পেন্সাৰ প্ৰেট আৰু হেইডি মণ্টাগৰ ঘৰ বনজুইত ভস্মীভূত হয়।

 জ্বলি গৈছে ৩ বাৰকৈ Emmy বঁটা লাভ কৰা জেমছ উডছৰ ঘৰো ।  মেণ্ডি মূৰ, কেৰী এলৱেছ আৰু পেৰিছ হিল্টনৰ ঘৰো ভস্মীভূত হয়।

বিলি ক্ৰিষ্টাল আৰু তেওঁৰ পত্নী জেনিছ গোল্ডফিংগাৰোৰ  ৪৫ বছৰীয়া ঘৰখনো জুইত জাহ যায়। 

 বেন এফ্লেকৰ ঘৰো জুইত ধ্বংস হয়।   জেনিফাৰ গাৰ্ণাৰৰ ঘৰৰ ফালে বনজুই অগ্ৰসৰ হৈছে। 

এই পৰ্যন্ত বনজুইৰ বাবে ১ লাখ ৩৭ হাজাৰতকৈ অধিক লোকক ঘৰ খালী কৰা হৈছে। 

আমেৰিকাত শীতৰ সময়ত বলা ছান্তা আনা নামৰ এবিধ বতাহ, আৰু খৰাং পৰিস্থিতিৰ বাবেই বনজুই সংঘটিত হৈছে আমেৰিকাত। উল্লেখ্য যে, এই বন জুইত বহু জীৱ জন্তুৰো কৰুণ মৃত্যু ঘটিছে। বনজুইৰ ফলত দশক দশক ধৰি জীপাল হৈ থকা বেংক, কেফে আৰু ছুপাৰ মাৰ্কেটসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। 

ইতিমধ্যে বনজুই নিৰ্বাপণ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে।একেদৰে ভূ-স্থলৰ পৰাও চলি আছে প্ৰচেষ্টা। লছ এঞ্জেলছৰ ইতিহাসত এয়া আটাইতকৈ ধ্বংসাত্মক বনজুই হিচাপে অভিহিত হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?