--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানে উপলব্ধি কৰা ভাল যে আমি ৩ বাৰ 'ঘৰত সোমাই মাৰিলোঁ। আমি শক্তিক উপাসনা কৰা লোক। বেংগল টাইগাৰৰ মাটিৰ পৰা ১৪০ কোটি ভাৰতীয়ৰ হৈ মই ঘোষণা কৰিছোঁ যে অপাৰেশ্যন সিন্দূৰ এতিয়াও শেষ হোৱা নাই।'

অপাৰেশ্যন সিন্দূৰৰ পাছত বৃহস্পতিবাৰে পশ্চিম বংগত প্রথমখন জনসভাত অংশগ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে এইদৰে কয়।

মোদীয়ে দুর্গা পূজাৰ সময়ত বেংগলী মহিলাই পালন কৰা পৰম্পৰাগত 'সেন্দুৰ খেলা'ৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয়, 'এতিয়া মই 'সেন্দুৰ খেলা'ৰ পৱিত্ৰ ভূমিত থিয় হৈ আছোঁ, সেয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ নতুন সংকল্প 'অপাৰেশ্যন সেন্দুৰ'ৰ বিষয়ে আলোচনা স্বাভাৱিক।' তেওঁ আৰু কয়, '২২ এপ্রিলত পহলগামত সন্ত্রাসবাদীয়ে যি বৰ্বৰতা প্ৰদৰ্শন কৰিলে, তাৰ পাছত বংগত ক্ষোভৰ সৃষ্টি হৈছিল। সন্ত্রাসবাদীয়ে আমাৰ ভগ্নীসকলৰ শিৰৰ পৰা সেন্দুৰ মচিবলৈ সাহস কৰিলে। কিন্তু আমাৰ বীৰ জোৱানসকলে তেওঁলোকক সেন্দূৰৰ শক্তি উপলব্ধি কৰোৱালে।

সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ নীতি অব্যাহত থাকিব বুলি কৈ মোদীয়ে কয়, 'পহলগামৰ পাছত ভাৰতে বিশ্বক ক'লে যে যদি ভাৰতত এটা সন্ত্রাসবাদী আক্রমণ হয়, তাৰ বাবে সিহঁতে প্ৰচুৰ মূল্য ভৰিব লাগিব। পাকিস্তানে উপলব্ধি কৰা ভাল যে আমি ৩ বাৰ ঘৰত সোমাই মাৰিলোঁ।' প্রধানমন্ত্রীয়ে এই তিনিটা ঘটনাৰ বিয়য়ে বহলাই নক'লেও এই তিনিটা ঘটনা ২০১৬ চনৰ ছাৰ্জিকেল স্ট্রাইক, ২০১৯ চনৰ বালাকোট বিমান আক্রমণ আৰু শেহতীয়া অপাৰেশ্যন সেন্দূৰৰ অধীনত পাকিস্তানত সন্ত্রাসবাদীৰ ৯টা ঘাটি ধ্বংসৰ কথাই কৈছে বুলি ভবা হৈছে। 

প্রধানমন্ত্রী মোদীয়ে ভাষণত মমতা বেনাৰ্জী চৰকাৰৰ দুর্নীতি আৰু কেন্দ্ৰৰ নীতবোৰৰ কথাও কয়। প্রধানমন্ত্রীয়ে কয় যে পশ্চিম বংগ চৰকাৰে কেন্দ্ৰৰ আঁচনিসমূহ কাৰ্যকৰী কৰা নাই। বংগই আয়ুষ্মান আঁচনিৰ সুফল লাভকৰা নাই। প্রধানমন্ত্রীয়ে কয় যে বর্তমান বংগক কেইবাটাও সংকটে আৱৰি ধৰিছে। প্রথম সংকট, সমাজত বিয়পি পৰা হিংসা আৰু অৰাজকতা। দ্বিতীয়, মাতৃ-ভগ্নীৰ নিৰাপত্তাহীনতা, তৃতীয়, যুৱসকলৰ কৰ্মসংস্থানহীনতা, চতুর্থ, দুর্নীতি আৰু পঞ্চম, দৰিদ্ৰৰ অধিকাৰ শাসক দলে কাঢ়ি নিয়া। প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'মুৰ্ছিদাবাদ আৰু মালদহত যি হিংসাৰ ঘটনা ঘটিল, সেয়া হৈছে মমতা বেনাৰ্জী চৰকাৰৰ নিৰ্মমতাৰ উদাহৰণ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?