--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

তিৰুনেলভেলী : ‘সত্তৰ বছৰ পূৰ্বে নৰেন্দ্ৰ মোদীতকৈ বহু বেছি বৃহৎ শত্ৰুক আমি পৰাজিত কৰিবলৈ সক্ষম হৈছোঁ। তাৰ তুলনাত নৰেন্দ্ৰ মোদী কোন?’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আজি পুনৰ আক্ৰমণাত্মক হৈ উঠে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। তামিলনাডুৰ তিৰুনেলভেলীত একাংশ শিক্ষাসদীৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এই হুংকাৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।

আৰু পঢ়িব পাৰিব : ইছৰোৰ অভিযান : ১৯টাকৈ উপগ্ৰহ লৈ মহাকাশলৈ পিএছএলভি

ৰাহুলে কয়, ‘আমি ভয়ংকৰ এক শত্ৰুৰ সৈতে যুঁজ কৰি আছোঁ যিয়ে দেশৰ সম্পদ কুক্ষিগত কৰিছে আৰু বিৰোধীক ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। কিন্তু আমি এই কাম আগতে কৰি থৈছোঁ। আমি ইয়াতকৈও বৃহৎ শত্ৰুক পৰাজিত কৰিছোঁ। ৭০ বছৰ আগেয়ে ব্ৰিটিছসকল নৰেন্দ্ৰ মোদীতকৈ বহু বেছি শক্তিশালী আছিল। ব্ৰিটিছ সাম্ৰাজ্যৰ লগত তুলনা কৰিলে নৰেন্দ্ৰ মোদী কোন?’ ৰাহুল গান্ধীয়ে কয়।

আৰু পঢ়িব পাৰিব : স্বৰ্গদেউ চ্যুকাফাৰ বিকৃত প্ৰতিমূৰ্তি! বিভিন্নজনৰ প্ৰতিক্ৰিয়া

তেওঁ লগতে কয়, ‘দেশৰ জনগণে ব্ৰেটিছক দেশৰ পৰা বিতাড়িত কৰিছে। একেদৰে আমি তেওঁক (নৰেন্দ্ৰ মোদী) নাগপুৰলৈ ঘূৰাই পঠিয়াম। আমি কোনো ঘৃণা, ক্ৰোধ আৰু হিংসা অবিহনেই এই কাম কৰিম। তেওঁলোকে আমাৰ সৈতে যিয়েই নকৰক। আমাক অত্যাচাৰ কৰক, আমাৰ মুখত থুৱাওক। আমি কিন্তু তাৰ পুনৰাবৃত্তি নকৰোঁ।’ তেওঁ কয় যে, পৰিৱৰ্তন সম্ভৱ বুলি বিশ্বাস নকৰিলে তেওঁ এনেদৰে সকলোৰে সন্মুখত আহি এই কথা নক’লেহেঁতেন। জনগণে সহায় কৰিলে পৰিৱৰ্তন কঢ়িয়াই অনাটো সম্ভৱ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?