--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত শ্বেখ হাছিনাক বৰ্জিত কৰাৰ পিছত ক্ৰমান্বয়ে পৰিস্থিতি পুনৰ শুদ্ধ পথলৈ অনাৰ চেষ্টা চলাইছে অন্তৱৰ্তীকালীন চৰকাৰে ।এক বিশেষ বাৰ্তালাপত বাংলাদেশ সমাজ কল্যাণৰ উপদেষ্টা শৰ্মিন মুৰ্ছিদে কয় যে আইন-শৃংখলা পুনৰুদ্ধাৰ আমাৰ প্ৰাধান্য। আজি দেশৰ দুই এজনৰ বাহিৰে সকলোৱে শান্তি বিচাৰে। যিকোনো পৰিৱৰ্তন অনাটো এটা কঠিন প্ৰক্ৰিয়া, কিন্তু আমি চেষ্টা কৰি আছো। আমি সমগ্ৰ ব্যৱস্থাটো পুনৰ নিৰ্মাণ কৰিব বিচাৰো আৰু সেই দিশতে কাম কৰি আছো। আৰু দেশৰ যুৱক-যুৱতীসকলেও আমাক সহায় কৰিছে।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ সমাজ কল্যাণ উপদেষ্টা শৰ্মিন মুৰ্ছিদে কয় যে চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে দেশত আইন-শৃংখলা বজাই ৰখা। তেওঁ কয়, "এই সময়ত আমাৰ প্ৰাথমিক কাৰ্য দেশত আইন-শৃংখলা পুনৰুদ্ধাৰ কৰা। আমি দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ পুনৰ চেষ্ঠা কৰিছো। গণতান্ত্ৰিক নিৰ্বাচনৰ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিয়া হৈছে। শাসন ব্যৱস্থাও উন্নত কৰিব লাগিব।আমি পূৰ্বৰ দৰে স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ কাম কৰি আছো।"


বাংলাদেশত হিন্দুসকলৰ ওপৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত মন্ত্ৰী শৰ্মিন মুৰ্ছিদে কয়, "আমি দেশৰ যুৱক-যুৱতীসকলক আগন্তুক দায়িত্বৰ বাবে প্ৰস্তুত কৰি আছো। আমি কাকো সংখ্যালঘু কৰা নাই, আমি সকলোৱে এক পৰিয়াল। আমি সকলোকে একেলগে লৈ আগবাঢ়ি যাম। আমি মৌলিক দাৰ্শনিক পৰিৱৰ্তন আনিবলৈ কাম কৰি আছো। ৰাজনীতিৰ বাবেই কোনো কোনো ঠাইত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।  হিংসাৰ বলি হোৱা লোকসকল কোনো বিশেষ ৰাজনৈতিক দলৰ লগতে জড়িত আছিল ৷ সংখ্যালঘুৰ ওপৰত হোৱা আক্রমণক কেৱল হিন্দুৰ ওপৰত কৰা আক্রমণ বুলি আমি চোৱা উচিত নহয়৷ হিংসাৰ সময়ত যুৱকসকলে বহু মছজিদ আৰু মন্দিৰক সুৰক্ষা দিছিল, অৱশ্যে আমি আক্ৰমণ হোৱা নাছিল বুলি কোৱা নাই।"

অৰ্থনীতিক পুনৰ শুদ্ধ পথলৈ অনাটো নতুন বাংলাদেশ চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব। এই সন্দৰ্ভত শৰ্মিন মুৰ্শ্বিদে কয়, "শেহতীয়াকৈ  ভুল তথ্য পোৱাৰ বাবে বাংলাদেশৰ অৰ্থনীতিত যথেষ্ট ক্ষতি হৈছে। এতিয়া আমাৰ মনোযোগ অৰ্থনীতিক পুনৰ শুদ্ধ পথলৈ অনাৰ ওপৰত। আমি বহু সংস্থাৰ লগত কাম কৰি আছো, অতি সোনকালে।"
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?