--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাইঃ বলীউড জগতৰ এটা চিৰপৰিচিত নাম উৰ্মিলা মাতোণ্ডকাৰ। দীৰ্ঘ সময়ৰ বিৰতিৰ অন্তত পুনৰ চৰ্চাত এইগৰাকী অভিনেত্ৰী। খ্যাতনামা অভিনেতা আমিৰ খানৰ প্ৰসংগত কি ক’লে অভিনেত্ৰীগৰাকীয়ে। তাকে লৈ সামাজিক মাধ্যমত চলিছে আলোচনা। উল্লেখ্য যে, এসময়ত আমিৰ খানলৈ এখন চিঠি লিখিছিল জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে জীৱনৰ এই গোপন অধ্যায় মুকলিকৈ প্ৰকাশ কৰিছে। উল্লেখ্য যে, ১৯৫৩ চনত মুক্তিলাভ কৰিছিল আমিৰ খান আৰু উৰ্মিলা মাতোণ্ডকাৰ অভিনীত ছুপাৰহিট ছবি ‘ৰংগীলা’। ছবিখনত কৰা সাৱলীল অভিনয়ৰ বাবে বলীউডত ‘ৰংগীলা গাৰ্ল’ নামে পৰিচিত হৈ পৰে উৰ্মিলা। সেই ছবিখনত কাম কৰোতে আমিৰ খানলৈ উৰ্মিলাই একপ্ৰকাৰ চিঠি লিখিবিলৈ বাধ্য হৈছিল। কিন্তু কিয়? কি আছিল উৰ্মিলাৰ এই চিঠিখনত?

আমিৰ খানলৈ উৰ্মিলাই একপ্ৰকাৰ চিঠি লিখিবিলৈ বাধ্য হৈছিল। কিন্তু কিয়? কি আছিল উৰ্মিলাৰ এই চিঠিখনত?

সম্প্ৰতি এক ৰিয়েলিটী শ্ব’ট উৰ্মিলাই অতীতৰ পৃষ্ঠা খুচৰি এই কাহিনী স্বেচ্ছাই প্ৰকাশ কৰিছে। উপস্থিত দৰ্শকে উৰ্মিলাই প্ৰকাশ কৰিবলৈ লোৱা চিঠিখন প্ৰেম সম্পৰ্কীয় হ’ব বুলি ভাবিছিল যদিও প্ৰকৃততে সেইখন প্ৰেমপত্ৰ নাছিল। উৰ্মিলাই কয়, ‘মই যেতিয়া ‘ৰংগীলা’ৰ বাবে ডাবিং কৰিছিলো, তেতি য়া আমিৰ খানৰ অভিনয় দেখি বিমুগ্ধ হৈ পৰিছিলো। পলম নকৰি তেতিৰয়াই অতি সাদৰেৰে মই আমিৰলৈ এখন চিঠি লিখিছিলো।’ উৰ্মিলাই পুনৰ কয়, ‘মই লিখিছিলো, তুমি এই ছবিখনত কৰা অভিনয়ৰ বাবে অসংখ্য চিঠি পাবা। পুৰস্কাৰো পাবা আৰু এইখন তোমাৰ প্ৰথম অনুৰাগীৰ চিঠি।’ উল্লেখ্য যে, ‘ৰংগীলা’ত অভিনয়ৰ বাবে আমিৰ খানে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। আমিৰৰ সমানে উৰ্মিলাইয়ো চলচ্চিত্ৰপ্ৰেমীৰ পৰা লাভ কৰিছিল অকুন্ঠ মৰম। প্ৰণিধানযোগ্য যে, প্ৰায় ৭টা দশক পূৰ্বে কৰা অভিনয়ৰ বাবে বলীউড জগতত আগশাৰীৰ নায়িৰকাৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল উৰ্মিলাই। এই কাহিনী সুঁৱৰি নষ্টালজিক হৈ পৰে জনপ্ৰিয় নায়িকাগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?