--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সহজতে লাভ কৰা ভিটামিন চিৰ উৎস হৈছে আমলখি৷ কেৱল আয়ুৰ্বেদেই নহয়, আধুনিক চিকিৎসা বিজ্ঞানেও আমলখিৰ উপকাৰিতাৰ বিষয়ে বহু কথাই কৈছে। আয়ুৰ্বেদত আমলখিক ঔষধি গুণৰ ক্ষেত্ৰটো অন্যতম শ্ৰেষ্ঠ ফল হিচাপে গণ্য কৰা হয়। ইয়াৰ কাৰণ আমলখিত থকা ভিটামিন চি। এজন প্ৰাপ্তবয়স্ক পুৰুষক নিয়মিতভাৱে ৯০ মিলিগ্ৰাম ভিটামিন চি আৰু এগৰাকী প্ৰাপ্তবয়স্ক মহিলাক নিয়মীয়াকৈ ৭৫ মিলিগ্ৰাম ভিটামিন চিৰ প্ৰয়োজন হয় বুলি বিশেষজ্ঞ সকলে কয়৷ উল্লেখ্য যে স্বাভাৱিক আকাৰৰ আমলাত ৩০০-৩৫০ মিলিগ্ৰাম ভিটামিন চি থাকে। যিটো শৰীৰৰ দৈনন্দিন প্ৰয়োজনতকৈ বহু বেছি!

শৰীৰত নিয়মিতভাৱে ভিটামিন চিৰ প্ৰয়োজন হয়। এফালে ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। আকৌ ভিটামিন চিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাৰ লগতে ভিটামিন চিয়ে ছালৰ সতেজতা বজাই ৰখাতো সহায় কৰে। ইয়াৰ উপৰিও চুলিৰ সুস্বাস্থ্য বজাই ৰখাতো সহায় কৰে আমলখিয়ে। যিহেতু শৰীৰে ভিটামিন চি জমা কৰিব নোৱাৰে। ই কেৱল প্ৰয়োজনীয়খিনিহ লৈ নিঃসৰণ প্ৰক্ৰিয়াৰ জৰিয়তে শৰীৰৰ পৰা বাকীখিনি বাহিৰ কৰি দিয়ে। গতিকে প্ৰতিদিনে আন খাদ্যৰ লগতে পৰ্যাপ্ত পৰিমাণে ভিটামিন চি সেৱন কৰিলে শৰীৰটো সুস্থ হৈ থাকিব। 

কিন্তু তাৰ বাবে আমলখিয়ে যে খোৱা হয় কিয় আপুনি জানেনে? আমলখি খালে শৰীৰৰ দৈনিক ভিটামিন চিৰ প্ৰয়োজনীয়তা পূৰণ হয়। কিন্তু  আন টেঙা ফল, যিবোৰত ভিটামিন চি প্ৰচুৰ বুলি গণ্য কৰা হয়, যেনে নেমু, কমলা আদিত শৰীৰৰ দৈনন্দিন প্ৰয়োজনতকৈ বহু কম ভিটামিন চি থাকে। সেয়ে  এই ফলসমূহে শৰীৰত ভিটামিন চিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে। কিন্তু আমলাই প্ৰয়োজনতকৈ অধিক ভিটামিন চি যোগান ধৰিব পাৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ঈশা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সধগুৰুৱে আমলখিৰ উপকাৰিতাৰ বিষয়ে বৰ্ণনা কৰি কয় যে ৰাতিপুৱা খালী পেটত কেঁচা আমলা চোবাই খালে ভাল। পুষ্টিবিদ মেক সিঙেও নিজৰ ইনষ্টাগ্ৰাম পোষ্টত কৈছে যে ৰাতিপুৱা আমলাৰ ৰস খোৱাৰ বাবে কোনো ক্ষতি নহয়। অৱশ্যে সেই ৰস কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ আৰু সংৰক্ষক দ্ৰব্যৰ পৰা মুক্ত হ’ব লাগিব। আমলাৰ ৰস বা গুড়ি বজাৰত পোৱা যায় এইবিলাক খোৱাৰ আগতে সংৰক্ষক পদাৰ্থ আছে নে নাই সেইটোও পৰীক্ষা কৰিব লাগে। লগতে তেওঁ কয় যে ৰাতিপুৱা খালী পেটত আমলা খোৱাটোৱেই আটাইতকৈ লাভজনক।

সকলো বস্তৱে অধিক বেয়া আমলখিৰ ক্ষেতেৰটো একেই। পুষ্টিবিদ সমীৰণ আনছাৰীয়ে কয় যে আমলখি খোৱাটো নিৰাপদ। বেছিকৈ খাদ্য খোৱাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। অত্যধিক পৰিমাণে সেৱন কৰিলেও বৃক্কৰ সমস্যা হ’ব পাৰে। তেওঁ কয় যে দিনটোত দুটা আমলখি খোৱাটো সম্পূৰ্ণ নিৰাপদ। অৱশ্যে তেওঁ লগতে কয় যে নিয়মীয়া ঔষধ হিচাপে আমলখি সেৱনৰ পূৰ্বে নিশ্চয় চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। যদি কাৰোবাৰ এলাৰ্জী বা কোনো শাৰীৰিক সমস্যা থাকে, বা নিয়মিতভাৱে কোনো ঔষধ সেৱন কৰে, তেন্তে আমলখি গ্ৰহণ কৰা আৰম্ভ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱটো জৰুৰী।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?