--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোৱাত ৯ দিনীয়া বৰ্ণাঢ্য আয়োজনেৰে আজি উদ্বোধন হ’ল ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ(IFFI)।

অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা মাইকেল গ্ৰেচিৰ 'বেটাৰ মেন'ৰ জৰিয়তে মুকলি হ’ল IFFI ২০২৪।

ভাৰতৰ সাংস্কৃতিক আৰু চলচ্চিত্ৰ ঐতিহ্য উদযাপনৰ এক বৰ্ণিল উদ্বোধনী অনুষ্ঠানত পৰিণত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।

IFFIৰ উদ্বোধনী অনুষ্ঠানত আছে ভাৰতীয় সাংকেতিক ভাষাৰ প্ৰদৰ্শন।

ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) ৫৫ সংখ্যক সংস্কৰণ আজি সন্ধিয়া ৫ বজাত গোৱাৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত এক অনন্য উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হয়। 

অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা মাইকেল গ্ৰেচিৰ দ্বাৰা পৰিচালিত উদ্বোধনী চলচ্চিত্ৰ 'বেটাৰ মেন'ৰ ৰেড-কাৰ্পেট প্ৰিমিয়াৰৰ জৰিয়তে গোৱা পাঞ্জিমত উৎসৱৰ শুভাৰম্ভণি হয়।

উদ্বোধনী চলচ্চিত্ৰ প্ৰিমিয়াৰত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগান উপস্থিত থাকে। অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্তে অতিথিসকলক সুন্দৰ উপকূলীয় ৰাজ্য গোৱালৈ আদৰণি জনায়।

উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানত বহু চলচ্চিত্ৰ ব্যক্তিত্বৰ সমাবেশ ঘটিব। যাৰ উপস্থিতিয়ে চলচ্চিত্ৰ মহোৎসৱক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। 

সুভাষ ঘাই, দীনেশ বিজন, অমৰ কৌশিক, এন এম সুৰেশ, আৰ কে চেলভামণি, ইছাৰী গণেশন, ৰবি কোটাৰাকাৰা আৰু গীতিকাৰ প্ৰসূন যোশীৰ দৰে প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতা আৰু ছবিৰ সৃষ্টিকৰ্তাসকলে আজিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰখ্যাত অভিনেতা নাগাৰ্জুন, নিত্য মেনন, আমলা, বিক্ৰান্ত মেছী, ৰকুলপ্ৰীত, মানুষী চিল্লাৰ, বোমন ইৰাণী, ৰাজকুমাৰ ৰাও, অভিষেক বেনাৰ্জী, জয়দীপ আহলাৱত, ৰণদীপ হুডা, ছানা মালহোত্ৰা, জয়ম ৰবি, জেকি ভাগনানী, আৰ. শৰৎ কুমাৰ, মুক্তি বাৰ্ভে, সোনালী কুলকাৰ্ণী আৰু অন্যান্য গণ্যমান্য ব্যক্তিয়ে উদ্বোধনী অনুষ্ঠানৰ শোভা বঢ়ায়।

চিনেমা জগতৰ উজ্জ্বল তাৰকাৰ সমাৱেশে সমগ্ৰ অনুষ্ঠানটোক জিলিকাই তুলিব বুলি আশা কৰা হৈছে। আমন্ত্ৰিত তাৰকাৰ তালিকাত শ্ৰী শ্ৰী ৰবি শংকৰো অন্তৰ্ভুক্ত থাকিব, যিয়ে অংশগ্ৰহণকাৰীসকলক বিশেষভাৱে অনুপ্ৰাণিত কৰিব।

সুখৰ খবৰ যে জনপ্ৰিয় অসমীয়া ছবি স্বৰ্গৰথ ইণ্ডিয়ান পেনোৰামা শিতানত প্ৰদৰ্শিত হ'ব ২৪ নৱেম্বৰত। স্বৰ্গৰথৰ পৰিচালনা ৰাজেশ ভূঞাৰ আৰু প্ৰযোজনা ডঃ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?