--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব্যস্ততাৰে ভৰা জীৱনত নিজকে কেনেকৈ সুস্থ সৱল কৰি ৰাখিব পাৰে এই লৈ আজিৰ জনসাধাৰণ বহু পৰিমাণে সচেতন হোৱো পৰিলক্ষিত হয়৷ সম্প্ৰতি মানুহে আহাৰ আৰু জীৱনশৈলীক লৈ সচেতন হৈ পৰিছে যাতে সুস্থ জীৱনযাপন কৰিব পাৰে৷ 

কোন বিধ শাক পাচলি, ফলমূল বা আহাৰ কোন সময়ত গ্ৰহণ কৰিব, কোন বিধে শৰীৰত অধিক পুষ্টিৰ যোগান ধৰিব, নিজৰ প্ৰয়োজনীয়তা অনুসাৰে খাদ্য গ্ৰহণ কৰাৰ আভ্যাস গঢ়ি তুলিছে৷ বিশেষকৈ যিসকল লোকে ওজন কম কৰা তথা ওজনৰ ভাৰসাম্যতা বজাই ৰাখিবলৈ তেওঁলোকৰ খাদ্যৰ তালিকাত  চালাড সংযোগ কৰা দেখা যায়৷ কাৰণ সেউজীয়া শাক-পাচলিত থকা শৰীৰ বাব প্ৰয়োজনায় পুষ্টিকৰ উপাদান যেনে প্ৰ’টিন, মেগনেছিয়াম, পটাছিয়াম, কেলচিয়াম, আইৰণ আদি থাকে যিয়ে শৰীৰত শক্তি প্ৰদান কৰে। চালাড স্বাস্থ্যৰ উপকাৰীতাৰ বাবে দুপৰীয়াৰ আহাৰতে হওক বা ৰাতিৰ আহাৰৰ সৈতে চালাড খোৱাৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি পাইছে।

যিহেতু সকোলো খাদ্য সকলো সময়তে গ্ৰহণ কৰা নহয় নিৰ্দিষ্ট সময় থাকে৷ গতিকে চালাড খোৱাৰো নিশ্চয় নিৰ্দিষ্ট সময় আছে৷ কেতিয়া চালাড গ্ৰহণ কৰিব লাগে? আয়ুৰ্বেদে কি কয় এই বিষয়ে?

সঠিকভাৱে চালাড গ্ৰহণ নকৰিলে হিতে বিপৰিতহে হ’ব৷ সেয়ে কেনেদৰে সঠিকভাৱে গ্ৰহণ কৰা হয় জনাটো অতি গুৰুত্বপূৰ্ণ। কেঁচা আৰু ৰন্ধা পাচলি কেতিয়াও একেলগে খাব নালাগে বুলি কয় কাৰণ  শৰীৰত দুয়োটা হজম কৰাৰ প্ৰক্ৰিয়া পৃথক।

গতিকে যদি প্ৰতিদিনে একেলগে ৰন্ধা খাদ্যৰ সৈতে চালাড গ্ৰহণ কৰে, তেনেহ’লে ই পাচন তন্ত্ৰৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। আয়ুৰ্বেদত পৰামৰ্শ অনুসৰি খাদ্য আৰু চালাড বেলেগ বেলেগ সময়ত খাব লাগে। যাতে শৰীৰৰে ভালদৰে হজম কৰিব পাৰে আৰু চালাডৰ পৰা সঠিকভৱে পুষ্টি লাভ কৰিব পাৰে। আৰু চিকিৎসকৰ মত অনুসৰি চালাড হজম কৰিবলৈ পাচন তন্ত্ৰই অধিক সময় লয় সেয়েহে ৰাতিপুৱা বা আবেলি খাদ্যৰ সৈতে চালাড খোৱাৰ পৰামৰ্শ দিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?