--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীৰ্ঘদিন ধৰি মহাকাশত আবদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুচ উইলম’ৰ অতি সোনকালে পৃথিৱীলৈ ঘূৰি আহিব। দুয়োজনেই দীৰ্ঘদিন ধৰি মহাকাশত আবদ্ধ হৈ আছে। শেহতীয়া খবৰ অনুসৰি মাৰ্চ মাহৰ মাজভাগৰ ভিতৰত দুয়োকে পৃথিৱীলৈ ঘূৰাই অনাৰ পৰিকল্পনা কৰা হৈছে।

ভাৰতীয় মূলৰ নাছা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত ৯ মাহ ধৰি আবদ্ধ হৈ আছে। ২০২৪ চনৰ ৫ জুনত সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰে আই এছ এছত উপস্থিত হয়। তেওঁলোকৰ যাত্ৰা বয়িং ষ্টাৰলাইনাৰ কেপচুলৰ জৰিয়তে হৈছিল যদিও কাৰিকৰী ত্ৰুটিৰ বাবে মহাকাশযানখন আই এছ এছৰ পৰা পৃথিৱীলৈ উভতি যাব পৰা নাছিল।

নাছাই কৈছিল যে দুয়োজন মহাকাশচাৰীক নিৰাপদে ঘূৰাই অনাৰ বাবে স্পেচএক্স ক্ৰু ড্ৰেগন কেপচুল ব্যৱহাৰ কৰা হ’ব। এতিয়ালৈকে তেওঁক সকলো চিকিৎসা পৰীক্ষাতে সুস্থ বুলি ধৰা পৰিছে আৰু অতি সোনকালে তেওঁ নিৰাপদে পৃথিৱীলৈ উভতি অহাটো নিশ্চিত হ’ব। সুনীতা উইলিয়ামছে ইয়াৰ পূৰ্বেও মহাকাশলৈ গৈছিল আৰু সফলতাৰে পৃথিৱীলৈ উভতি আহিছে। এনে পৰিস্থিতিত সুনীতা উইলিয়ামছৰ সৈতে জড়িত কিছুমান বিশেষ কথা জানো আহক।

নাছাত দৰমহা কিমান?

সুনীতা উইলিয়ামছ এগৰাকী প্ৰাক্তন নৌসেনাৰ বিষয়া আৰু অভিজ্ঞ মহাকাশচাৰী। তেওঁৰ কেৰিয়াৰত বহু গুৰুত্বপূৰ্ণ মহাকাশ অভিযানত অংশগ্ৰহণ কৰিছে। মহাকাশচাৰীগৰাকীক নাছাত দিয়া হয় বৃহৎ দৰমহা। সুনীতা উইলিয়ামছৰ দৰে জ্যেষ্ঠ মহাকাশচাৰীৰ বাৰ্ষিক দৰমহা প্ৰায় ১৫২,২৫৮ ডলাৰ (প্ৰায় ১.২৬ কোটি টকা)।

সুনীতা উইলিয়ামছৰ নেট ৱৰ্থ কিমান ?

নাছাই সুনীতা উইলিয়ামছক স্বাস্থ্য বীমা, মিছনৰ বাবে বিশেষ প্ৰশিক্ষণ, মানসিক আৰু পাৰিবাৰিক সহায়, ভ্ৰমণ ভাট্টাকে ধৰি বহুতো সুবিধও প্ৰদান কৰে। খবৰ অনুসৰি সুনীতা উইলিয়ামছৰ সম্পত্তিৰ পৰিমাণ ৫০ লাখ ডলাৰ (প্ৰায় ৪১.৫ কোটি টকা)।

১৯৮৩ চনত নিধাম হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে সুনীতা উইলিয়ামছে। ইয়াৰ পিছত ১৯৮৭ চনত আমেৰিকাৰ নৌসেনা একাডেমীৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯৫ চনত তেওঁ ফ্ল’ৰিডা ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে য’ত তেওঁৰ মেজৰ আছিল অভিযান্ত্ৰিক ব্যৱস্থাপনাত।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?