--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দৈনন্দিন জীৱনত আমি বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰোঁ৷ পুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে হৰেকৰকমৰ সামগ্ৰী সেয়া লাগিলে প্ৰসাধন সামগ্ৰী, টুথপেষ্ট, চাবোন, চাৰ্ফ, বিস্কুটৰ পেকেট, ঔষধ, খোৱা সামগ্ৰী, পিন্ধা আদি ইমানবোৰ ব্যৱহাৰ হয়, ক’ৰবাত কিবা সংকেট, চিহ্ন আদি থাকিলেও চকুত নপৰে৷ আনহাতে কেতিয়াবা চকুত পৰিলেও এইবোৰৰ অৰ্থ বুজি নোপোৱাৰ ফলত এনেকৈয়ে ব্যৱহাৰ কৰি থকা হয়৷ 

কিন্তু আমি ব্যৱহাৰ কৰা সামগ্ৰীবোৰত যিবোৰ চিহ্ন বা চিম্বল থাকে, সেইবোৰে বিশেষ একো একোটো অৰ্থ প্ৰকাশ কৰে, যাৰ লাভ অথবা লোকচান বা ক্ষতিৰ সম্ভাৱনাও থাকে৷ আনহাতে সেইবোৰৰ বিষয়ে জনাটো এটা মজাৰ কথাও৷ আমি নিতৌ পুৱা ব্যৱহাৰ কৰা টুথপেষ্টটোৰ কথাকে ধৰা হওক৷ পুৱা শুই উঠিয়েই ব্ৰাছত টুথপেষ্ট লগাই দাঁত ঘঁহাটো সকলোৰে কাৰণে এটা নিয়মৰ লেখীয়া৷ তাৰ পাছতে দিনটোৰ অন্য কামবোৰত হাত দিয়া হয়৷ এই আৱশ্যকীয় সামগ্ৰীটোত পিছফালে ৰঙা, নীলা, ক’লা, বগা আদি কিছুমান সৰু গোলাকাৰ চিহ্ন থাকে, যিবোৰৰ অৰ্থ আমি বহুতেই বুজি নাপাওঁ অথবা নাজানো৷

 প্ৰতিটো ৰঙৰে কিন্তু অৰ্থপূৰ্ণ অৰ্থ আছে, যিবোৰ জনাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ৷ আচল কথাটো হ’ল এইবোৰ ৰঙৰ অৰ্থ জানি পেষ্ট কিনাৰ আগতে এই দিশত চকু ৰখা ভাল৷ তেতিয়া পেষ্টত থকা এই চিহ্নবোৰৰ ভাল বেয়া দিশবোৰ অৱগত হ’ব পাৰি৷ ইয়াৰ ফলত আপুনিও ক্ষতি কৰিব নোৱৰা সঠিক পেষ্ট কিনাত সহায়ক হ’ব৷ নহ’লে পেষ্ট কিনাৰ আগতে ইয়াৰ অৰ্থ নাজানিলে দাঁতৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ সেয়ে জানো আহক টুথপেষ্টত পাছফালে থকা ক’লা, ৰঙা, বগা, নীলা আদি ৰঙৰ অৰ্থ কি?

পেষ্টৰ টিউবত ক’লা দাগ থাকিলে বুজিব যে ইয়াত প্ৰচুৰ পৰিমাণে ৰাসায়নিক ব্যৱহাৰ কৰা হৈছে৷ গতিকে এনেধৰণৰ টুথপেষ্ট নিকিনাই ভাল ৷ বিভিন্ন টুথপেষ্টত বৰ্গাকৃতিৰ ৰঙা চিহ্ন বা দাগ দেখা যায়৷ এইধৰণৰ দাগ থকা পেষ্টক নন-ভেজ বোলা হয়৷ তেনেহ’লে পেষ্ট আমিষ নেকি? নহয়, ৰঙা দাগৰ অৰ্থ হ’ল মি৷ ৷ অৰ্থাৎ ইয়াত প্ৰাকৃতিক উপাদানৰ সৈতে বিভিন্ন ধৰণৰ ৰাসায়নিক ব্যৱহাৰ কৰা আছে৷ আকৌ নীলা ৰঙৰ দাগ দেখা পালে বুজিব প্ৰাকৃতিক উপাদানৰ লগত ঔষধ মিহলোৱা হৈছে৷ আনহাতে বগা ৰঙৰ অৰ্থ হ’ল সেই পেষ্টটো নিৰাপদ৷ ইয়াত কোনো ঔষধ অথবা ৰাসায়নিক ব্যৱহাৰ কৰা হোৱা নাই৷

যি আছে সকলোখিনি প্ৰাকৃতিক উপাদান৷ গতিকে দাঁতৰ ক্ষতি কৰিব পৰা কোনো উপাদান নাই. বৰঞ্চ দাঁত তথা এলামেলৰ সুৰক্ষাক দিব পৰা উপাদানহে ইয়াত পোৱা যায়৷ গতিকে দাঁত ঘঁহাৰ আগতে টুথপেষ্টত কি ৰঙৰ চিহ্ন আছে, সেয়া লক্ষ্য কৰাটো আৱশ্যক৷

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?