--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি, নেতা, ৰাজকীয় লোক আৰু সাধাৰণ শোকাহত লোকে শনিবাৰে এক ধর্মীয় গাম্ভীর্যপূর্ণ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত পোপ ফ্রান্সিছক বিদায় দিয়ে। ছেইন্ট পিটাৰ্ছ স্কোৱাৰত অনুষ্ঠিত আনুষ্ঠানিক উপাসনা অনুষ্ঠানত বহু দেশৰ নেতা আৰু ৰাজকুমাৰসকল উপস্থিত আছিল। পাছত ছেইন্ট মেৰী মেজৰ বেছিলিকালৈ নিওঁতে কাৰাবন্দী আৰু প্ৰব্ৰজনকাৰীসকলে 'পোপক আদৰণি' জনায়। 

অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত প্রায় ২,৫০,০০০ লোক উপস্থিত থাকে। যদিও পোপ ফ্রান্সিছে শক্তিহীনসকলত গুৰুত্ব দিছিল, তথাপি শনিবাৰে তেওঁৰ অন্ত্যেষ্টিক্রিয়াত সাধাৰণ জনতাৰ সৈতে বিশ্বৰ বিভিন্ন দেশৰ ক্ষমতাশালী নেতাসকলৰ উপস্থিতি দেখা গ'ল। অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি জ' বাইডেন, ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কি, ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্টনিঅ' গুটেৰেছ আৰু ব্ৰিটিছ প্রধানমন্ত্রী কেৰ ষ্টাৰ্মাৰৰ লগতে ব্রিটেইনৰ যুৱৰাজ প্রিন্স উইলিয়াম আৰু ইউৰোপীয় ৰাজকীয় লোকৰ সৈতে ১৬০গৰাকী আনুষ্ঠানিক প্রতিনিধি আছিল। 

অনুষ্ঠানত অংশ লৈছিল ২৫০ কার্ডিনেল, ৪০০ বিশ্বপ আৰু বগা সাজ পৰিহিত ৪,০০০ পাদুৰীয়ে। উল্লেখযোগ্য যে আর্জেন্টিনাৰ এই পোপ ফ্রান্সিছে ১২ বছৰ পোপৰ আসনত আছিল আৰু যোৱা সোমবাৰে (২১ এপ্রিল) ৮৮ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল। অন্ত্যেষ্টিক্ৰিয়াৰ পাছত পোপৰ কফিন ৰোম নগৰৰ মাজেৰে ছেইন্ট মেৰী মেজৰ বেছিলিকালৈ লৈ যোৱা হয়। ইয়াতে তেওঁক সমাধিস্থ কৰা হ'ব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?