--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ নৱাগত মহিলা ভাৰোত্তোলক আইছাংফা গগৈয়ে কেৰিয়াৰৰ প্ৰথমখন স্বীকৃতি ৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি চলিত সপ্তম খেল' ইণ্ডিয়া যুৱ ক্রীড়াত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত প্রতিযোগিতাৰ দেওবাৰে ছোৱালীৰ ৫৫ কিল'গ্রাম শাখাত আইছাংফাই স্নেছত ৮১ কেজি আৰু ক্লিন এণ্ড জার্কত ১০২ কেজি ওজন উত্তোলন কৰি সোণ অৰ্জনৰ লগতে দুটাকৈ অভিলেখো ভংগ কৰে। 

অসম কন্যাই স্নেছত ৮১ কেজি উত্তোলন কৰি প্ৰথমটো ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ পাছত সামগ্রিকভাৱে মুঠ ১৮৩ কেজি উত্তোলন কৰিও নতুন ৰাষ্ট্ৰীয় অভিলেখ নিজৰ নামত লিপিবদ্ধ কৰিবলৈ সক্ষম হয়। ইফালে, আইছাংফাৰ স্বৰ্ণৰে অসমেও খেল' ইণ্ডিয়া যুৱ ক্রীড়াত সোণ জয়ৰ নতুন অভিলেখ গঢ়ে। চলিত প্রতিযোগিতাত এয়া অসমৰ ষষ্ঠটো সোণ হোৱাৰ বিপৰীতে বাহিৰত হোৱা খেল' ইণ্ডিয়া যুব ক্রীড়াত এয়াই অসমৰ সৰ্বাধিক স্বর্ণ জয়ৰ সাফল্য। ইয়াৰ পূর্বে যোৱা বছৰ তামিলনাডুত অসমে পাঁচটা সোণ লাভ কৰিছিল। অৱশ্যে গুৱাহাটীত হোৱা তৃতীয় খেল' ইণ্ডিয়া যুৱ ক্রীড়াত আয়োজক অসমে মুঠ ২০টা সোণ অর্জন কৰিছিল। 

আইছাংফাৰ সোণৰ লগতে  ভাৰোত্তোলনত অসমে আৰু এটা ৰূপ জয় কৰি এতিয়ালৈকে মুঠ দহটা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ল'ৰাৰ ৬৭ কিল'গ্রাম শাখাত ৰূপৰ পদক অর্জন কৰে অসম সন্তান অভিনৱ গগৈয়ে। ভাৰোত্তোলনত এয়া অসমৰ তৃতীয়টো পদক। অভিনৱে স্নেছত ১১৬ কেজি আৰু ক্লিন এণ্ড জার্কত ১৩৫ কেজি ওজন উত্তোলন কৰে। তেওঁ ক্লিন এণ্ড জাৰ্কৰ প্ৰথমটো প্রয়াসতে ১৩৫ কেজি উত্তোলন কৰাৰ পাছত ১৪২ কেজিৰ লক্ষ্য লৈছিল যদিও পৰৱৰ্তী দুয়ো বাৰে ব্যর্থ হয়। কিন্তু আজি ৰাজগিৰিত সকলোকে চমক দিয়ে নৱাগতা আইছাংফাই। 

দৃঢ়তা প্রদর্শন কৰা অসম কন্যাই স্নেছৰ তিনিটা প্রয়াসতে ক্রমে ৭৫, ৭৯ আৰু অভিলেখৰ ৮১ কেজি সফলতাৰে উত্তোলন কৰাৰ পাছত ক্লিন এণ্ড জার্কৰ তিনিওটা প্রয়াসতো সফলতা লাভ কৰি ক্রমে ৯৫, ৯৯ আৰু ১০২ কেজি ওজন উত্তোলন কৰে। উল্লেখযোগ্য যে বিগত বর্ষব খেল' ইণ্ডিয়া যুৱ ক্রীড়াৰ ভাৰোত্তোলনত অসমে তিনিটা পদক পাইছিল যদিও সোণ নাছিল। আইছাংফাইৰ জৰিয়তে এইবাৰ অসমে ভাৰোত্তোলনত প্রথমটো স্বর্ণ জয় কৰিলে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?