--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী  শিৱৰাজ সিং চৌহানে ১৮ জুলাইত চাৰিখন গ্ৰন্থ যথাক্ৰমে উইঙছ টু আৱাৰ হ’পছ- খণ্ড ১ (ইংৰাজী আৰু হিন্দী), ৰাষ্ট্ৰপতি ভৱনঃ হেৰিটেজ মিটছ দ্য প্ৰেজেন্ট আৰু কাহানি ৰাষ্ট্ৰপতি ভৱন কি উন্মোচন কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডঃ এল. মুৰুগান আৰু মন্ত্ৰালয়ৰ সচিব  সঞ্জয় জাজুয়ে অংশগ্ৰহণ কৰে।

  
এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি  কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে কয় যে  উন্মোচন কৰা গ্ৰন্থৰাজি হৈছে ভাৰতীয় গণৰাজ্যৰ প্ৰতীক ৰাষ্ট্ৰপতি ভৱনৰ ঐতিহ্যৰ এক বৰ্ণাঢ্য পৰিক্ৰমাৰ প্ৰতিফলন। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পূৰ্বৰ ভাষণৰাজিৰ সংকলন আমাৰ গণতন্ত্ৰ আৰু সমগ্ৰ সমাজৰ বাবে এক সম্পদ। মহিলা, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য বঞ্চিত শ্ৰেণী, কৃষক সমাজ, সশস্ত্ৰ বাহিনী আৰু যুৱক-যুৱতীসকলকে প্ৰমুখ্য কৰি দেশবাসীৰ প্ৰতি ৰাষ্ট্ৰপতি মূৰ্মুৰ সহানুভূতিৰ মূৰ্ত প্ৰকাশ। গ্ৰন্থখনিৰ বেটুপাতৰ ছবি আৰু শিৰোনামে আমাৰ গণতন্ত্ৰৰ গূঢ়াৰ্থকে প্ৰতিফলিত কৰে।

গ্ৰন্থৰাজিৰ বাৰ্তাই প্ৰতিজন ভাৰতীয়কে আশাৰে অগ্ৰসৰ হোৱা আৰু সু-উচ্চ শিখৰত আৰোহণৰ লক্ষ্য গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। মন্ত্ৰীজনে কৃষি আৰু গ্ৰামোন্নয়নৰ সৈতে জড়িত বিষয়সমূহত গুৰুত্বপূৰ্ণ দৃষ্টিভংগী বিচাৰি পোৱা বুলিও কয়। শ্ৰী চৌহানে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণৰ এই সংকলন পঢ়িলে দেশৰ আৰ্থ-সামাজিক প্ৰত্যাহ্বান, কৃতিত্বৰ দিশ আৰু আত্ম-নিৰ্ভৰশীলতাৰ প্ৰদৰ্শনকাৰী পদক্ষেপৰাজিৰ প্ৰতি আমাৰ দৃষ্টিভংগী বিস্তৃত হ’ব বুলি তেওঁ আত্মবিশ্বাসী হৈ উঠিছে।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ এল মুৰুগানে উক্ত গ্ৰন্থ কেইখন প্ৰকাশৰ বাবে প্ৰকাশন বিভাগক অভিনন্দন জনোৱাৰ লগতে জনস্বাৰ্থৰ ভিন্ন বিষয়ৰ গ্ৰন্থ নিয়মিতভাৱে প্ৰকাশ কৰি অহা কাৰ্য্যৰ শলাগ লয়। আজি উন্মোচিত গ্ৰন্থৰাজি সন্দৰ্ভত তেওঁ কয় যে এই গ্ৰন্থসমূহ হৈছে ভিন্ন বিষয়ত ৰাষ্ট্ৰপতিগৰাকীৰ চিন্তাধাৰাৰ আটাইতকৈ বিশেষ সংকলন আৰু আগন্তুক প্ৰজন্মৰ বাবে এক পৰম সংকলন হিচাপে কাম কৰিব।

ইয়াৰ অন্তত বিশিষ্ট ব্যক্তিসকলে গ্ৰন্থখনৰ কপি ৰাষ্ট্ৰপতিগৰাকীক অৰ্পণ কৰে।

 গ্ৰন্থকেইখনৰ সম্পৰ্কেঃ

উইঙছ টু আৱাৰ হ’পছ (Wings to Our Hopes) শীৰ্ষক গ্ৰন্থখনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে তেখেতৰ ৰাষ্ট্ৰপতিত্বৰ প্ৰথম বছৰটোত ভিন্ন অনুষ্ঠানত প্ৰদান কৰা ভাষণক সন্নিবিষ্ট কৰা হৈছে। এই সময়ছোৱা যথাঃ ২০২২ৰ জুলাই-২০২৩ৰ জুলাইত ৰাষ্ট্ৰপতি মূৰ্মুৱে তেওঁৰ সৰলতা, চিন্তাশীলতা আৰু পাণ্ডিত্যৰ জৰিয়তে দেশৰ জনসাধাৰণৰ মাজত নিজকে প্ৰিয় কৰি তোলা একাধিক বিষয়ত নিজৰ চিন্তাধাৰা ব্যক্ত কৰিছিল। জন-জীৱনৰ ভিন্ন দিশক স্পৰ্শ কৰে।

প্ৰকাশন বিভাগে প্ৰকাশ কৰা গ্ৰন্থখনৰ একাদশটা খণ্ডত ৭৫ টা ভাষণ সন্নিৱিষ্ট হৈছে যথাঃ ৰাষ্ট্ৰক সম্বোধন, শিক্ষা- সবলীকৰণৰ চাবিকাঠি, কৰ্তব্য পথত জনসেৱকক পথ প্ৰদৰ্শন, আমাৰ শক্তি আমাৰ গৌৰৱ, সংবিধান আৰু আইনৰ আত্মা, উৎকৃষ্টতাক পুৰস্কৃতকৰণ, বৈশ্বিক প্ৰচাৰ, বৈচিত্ৰ্য আৰু সমৃদ্ধ সংস্কৃতিৰ উদযাপন, বহনক্ষম উন্নয়নৰ বাবে উদ্ভাৱন আৰু প্ৰযুক্তি, অতীতক সংৰক্ষণ, ভৱিষ্যতক সুৰক্ষিতকৰণ আৰু মহিলা নেতৃত্বাধীন উন্নয়নক প্ৰোৎসাহিতকৰণ।

ৰাষ্ট্ৰপতি ভৱনঃ হেৰিটেজ মিটছ দ্য প্ৰেজেন্ট (Rashtrapati Bhavan: Heritage Meets the Present) শীৰ্ষক গ্ৰন্থখনি হৈছে ৰাষ্ট্ৰপতি ভৱনৰ ইতিহাস, উত্তৰাধিকাৰ আৰু স্থাপত্যৰ গভীৰ অন্বেষণ। এই গ্ৰন্থখনে পাঠকসকলক ৰাষ্ট্ৰপতি ভৱনৰ বিশালতা, ইয়াৰ ধাৰণাৰপৰা আৰম্ভ কৰি ভাৰতৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ হিচাপে বৰ্তমানৰ মৰ্য্যাদালৈকে এক নিৰ্মোহ দৃষ্টিভংগী প্ৰদান কৰিব। গ্ৰন্থখন ভাৰতৰ অন্যতম চিনাকি প্ৰতীক ৰাষ্ট্ৰপতি ভৱনৰ প্ৰতি এক শ্ৰদ্ধাৰ্ঘ্য, যিয়ে ৰাষ্ট্ৰখনৰ চহকী স্থাপত্য ঐতিহ্য আৰু ইয়াৰ স্পন্দনশীল বৰ্তমানৰ সাক্ষ্য বহন কৰিছে।

ইয়াক ৰাষ্ট্ৰপতি ভৱনৰ প্ৰতিটো কোণ সন্দৰ্ভতে প্ৰাঞ্জল বৰ্ণনা আৰু আকৰ্ষণীয় আলোকচিত্ৰৰে প্ৰাণৱন্ত কৰি তোলা হৈছে। গ্ৰন্থখনে পাঠকক ভৱনটিৰ অভ্যন্তৰৰ ভিন্ন কোঠা আৰু হলসমূহৰ সম্পৰ্কে এটি সম্যক ধাৰণা প্ৰদান কৰিব। উল্লেখযোগ্য যে প্ৰতিটো কোঠা কিম্বা হলৰে এক ইতিহাস আছে। সামৰি লোৱা মূল ক্ষেত্ৰসমূহৰ ভিতৰত আছেঃ

• অশোক হলঃ আকৰ্ষণীয় ফ্ৰেস্কো আৰু চেণ্ডেলিয়াৰেৰে সজ্জিত এক বিশাল বলৰুম।

• দৰবাৰ হলঃ ৰাষ্ট্ৰীয় উল্লেখযোগ্য অনুষ্ঠান অনুষ্ঠিত হোৱা বিশাল আনুষ্ঠানিক হল।

• অমৃত উদ্যানঃ মোগল আৰু ইংৰাজ লেণ্ডস্কেপিং শৈলীৰ মিশ্ৰণ প্ৰদৰ্শনকাৰী এখনি সুন্দৰ বাগিচা।

• পুথিভঁৰালঃ জ্ঞান আৰু ঐতিহাসিক নথিপত্ৰৰ ভঁৰাল।

• ড্ৰয়িং ৰুম আৰু কনফাৰেন্স হলঃ আনুষ্ঠানিক অভ্যৰ্থনা আৰু সভাৰ বাবে এটি স্থান।

• ৰাষ্ট্ৰপতিৰ অধ্যয়নঃ ৰাষ্ট্ৰপতিৰ ব্যক্তিগত কৰ্মক্ষেত্ৰ।

ৰাষ্ট্ৰপতি ভৱনত বাস কৰা বিশিষ্ট ব্যক্তিসকলৰ এক মনোমোহা আখ্যানো গ্ৰন্থখনে আগবঢ়াইছে। ইয়াত ভাৰতৰ প্ৰতিগৰাকী ৰাষ্ট্ৰপতিৰ যাত্ৰাৰ সন্ধান কৰা হৈছে, প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰপৰা আৰম্ভ কৰি বৰ্তমানৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুলৈকে ইয়াত অৱলোকন কৰা হৈছে। ভাৰতৰ গণতন্ত্ৰ আৰু ৰাষ্ট্ৰ-নিৰ্মাণত তেখেতসকলৰ অৱদান আৰু তেওঁলোকৰ কাৰ্য্যকালৰ উল্লেখযোগ্য পৰিঘটনাৰাজি সন্নিৱিষ্ট কৰা হৈছে।

কাহানি ৰাষ্ট্ৰপতি ভৱন কি (Kahani Rashtrapati Bhavan Ki) শীৰ্ষক গ্ৰন্থখনিত ৰাষ্ট্ৰপতি আৰু শিশুৰ বাবে ৰাষ্ট্ৰপতি ভৱন সম্পৰ্কীয় তথ্যৰাজি সন্নিবিষ্ট কৰা হৈছে। তিনিটা অধ্যায়ত বিভক্ত যথাঃ ‘আমাৰ ৰাষ্ট্ৰপতি’, ‘ৰাষ্ট্ৰপতি ভৱনৰ মূল আকৰ্ষণ’ আৰু ‘ৰাষ্ট্ৰপতি ভৱন সংগ্ৰহালয় কমপ্লেক্স’ এই গ্ৰন্থখনে ৰাষ্ট্ৰপতি ভৱনৰ প্ৰায় এশ বছৰীয়া ইতিহাসক সহজ ভাষাত উপস্থাপন কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ ভিন্ন ছবিৰে ভৰা আকৰ্ষণীয় শৈলীৰে গ্ৰন্থখন প্ৰকাশ কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?