ডিজিটেল ডেস্কঃ দৈনন্দিন খাদ্য সামগ্ৰীৰ অন্তৰ্ভূক্ত হোৱা এক স্বাস্থ্য লাভকাৰী মছলাজাতীয় পাচলি হৈছে নহৰু (Garlic)। ব্যঞ্জনসমূহ সুস্বাদু কৰাত অৰিহনা যোগায় নহৰুৱে। বিভিন্ন ভিটামিন, খনিজ উপাদান তথা অন্যান্য পুষ্টিকৰ উপাদানেৰে ভৰপূৰ এই শাক-পাচলি, মছলা আদিবোৰে বিভিন্ন শাৰীৰিক সমস্যা বা ৰোগ দূৰত ৰখাত সহায় কৰে। নহৰু ৰাতি খালে বহু ভাল লাভ কৰিব পাৰি। নহৰু সকলোৰে পাকঘৰত সহজেই পোৱা যায়। গতিকে ইয়াক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ লগতে ৰাতি শোৱাৰ আগত খালে কি কি উপকাৰিতা লাভ কৰিব পাৰি জানো আহক।
শোৱাৰ পূৰ্বে নহৰু খালে কি হয়
১)ৰাতি নহৰু খালে কলেষ্টেৰল নিয়ন্ত্ৰণ হয়।
২)ওজন কমাবলৈও ই অতি উপযোগী।
৩)চৰ্দি জ্বৰ হোৱা লোকে ইয়াক ব্যৱহাৰ কৰিব পাৰে।

৪)হাড়ৰ বিকাশৰ বাবেও ই অতি উপকাৰী।
৫)ইমিউনিটি বৃদ্ধি কৰে।
৬)স্মৃতিশক্তি বৃদ্ধিৰ বাবে নহৰু অতি উপযোগী।
৭)শাৰীৰিক দুৰ্বলতা থকা পুৰুষৰ বাবে নহৰু অতি উপযোগী।
বিঃদ্ৰঃ ইয়াত দিয়া তথ্যসমূহ ঘৰুৱা প্ৰতিকাৰ আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।