--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে উপ-ৰাজ্যপাল ভি কে ছাক্সেনাক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছতে মুকলি হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাৰ পথ৷ অৰবিন্দ কেজৰিৱালে মঙলবাৰে আম আদমি পাৰ্টিৰ বিধায়িনী দলৰ বৈঠকত পৰৱৰ্তী মুখ্যমন্ত্ৰী হিছাপে শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাৰ নাম ঘোষনা কৰিছে৷শীঘ্ৰেই আতিশী মাৰ্লেনাৰ নাম ঘোষণা কৰা হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে৷

প্ৰাপ্ত তথ্য অনুসাৰি মুখ্যমন্ত্ৰী কেজৰিৱালে সন্ধিয়া ৪:৩০ বজাত উপ ৰাজ্যপাল বিনয় ছাক্সেনাৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব।চলিত সপ্তাহতে নতুন মুখ্যমন্ত্ৰী তথা কেবিনেটৰ শপথ গ্ৰহণ কাৰ্যসূচী সমাপন হ’ব। ২৬ পৰা ২৭ ছেপ্টেম্বৰলৈ দুদিনীয়া বিধানসভাৰ অধিৱেশন আহ্বান কৰা হৈছে।
 
আতিশী মাৰ্লেনা মুখ্যমন্ত্ৰী ভাৰ গ্ৰহণ কৰা দিল্লীৰ তৃতীয় গৰাকী মহিলা মুখ্যমন্ত্ৰী হিছাপে পৰিগণিত হ’ব। ইয়াৰ পূৰ্বে প্ৰয়াত সুষমা স্বৰাজ আৰু শীলা দীক্ষিতে দিল্লীৰ মুখ্যমন্ত্ৰী ভাৰ গ্ৰহণ কৰিগৈছে।

থোৰতে জানো আহক আতিশী মাৰ্লেনাৰ বিষয়ে-
জন্ম-৮ জুন ১৯৮১
জন্মস্থান-দিল্লী
শিক্ষা- অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ইতিহাস বিষয়ত স্নাতকোত্তৰ,
ৰাজনৈতিক জীৱন-
২০১৩ চনত আম আদমী দলত যোগদান৷আৰু ইস্তাহাৰ খচৰা সমিতিৰ সদস্য পদ লাভ৷
২০১৫ চনত মধ্যপ্ৰদেশৰ খণ্ডৱাত জল সত্যাগ্ৰহত অংশগ্ৰহণ আৰু খণ্ডৱাৰ পৰা আপৰ নেতা আলোক আগৰৱালক সমৰ্থন। 
২০১৫ পৰা ২০১৮ চনলৈ পূৰ্বৰ উপমুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াৰ উপদেষ্টা আছিল৷
২০২০ চনত কালকাজী বিধানসভাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত।
২০২৩ চনত মনীষ ছিচোদিয়াৰ গ্ৰেপ্তাৰৰ পিছত দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ।
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, শক্তি বিভাগ, পৰ্যটন, কলা-সংস্কৃতি আৰু পি.ডব্লিউ.ডি. বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ।

উল্লেখযোগ্য যে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আতিশী মাৰ্লেনাৰ নাম ঘোষণা কৰি দিল্লীৰ পৰিবহণ মন্ত্ৰী গোপাল ৰায়ে কয় যে ‘কঠিন পৰিস্থিতিত পৰি আমি এই সিদ্ধান্ত লৈছো। কেজৰিৱালৰ সততাৰ ওপৰত দাগ লগোৱা হ’ল সেয়ে জনসাধাৰণে তেওঁক পুনৰ নির্বাচন নকৰালৈকে তেওঁ মুখ্যমন্ত্রীৰ চকীত নবহে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আতিশী মাৰ্লেনাই কয় 'মোক এই গধুৰ দায়িত্ব পালন কৰাৰ বাবে মোৰ গুৰু অৰবিন্দ কেজৰিৱাল দেৱক ধন্যবাদ জনাইছো।' লগতে কয় মোৰ আৰু দিল্লীবাসীৰ বাবে এয়া এক দুখৰ মুহূৰ্ত প্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব।’
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?