--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰ বিজয়ী সত্যজিৎ ৰায়ৰ জন্মদিন উপলক্ষে ভাৰতীয় ক্ৰিকেটৰ দাদাই এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ জৰিয়তে কেৰিয়াৰৰ বহুতো স্মৃতি ভাগ বতৰা কৰা দেখা যায়। সৌৰভ গাংগুলীয়ে ভাৰতৰ অন্যতম লেখত ল’বলগীয়া ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগৰ এক হাস্যকৰ স্মৃতিৰ ভাগ-বতৰা কৰে। বীৰেন্দ্ৰ ছেহৱাগ আৰু সৌৰভ গাংগুলী ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এক অনবদ্য যুটি আছিল। সৌৰভ গাংগুলীৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বীৰেন্দ্ৰ ছেহৱাগৰ উত্থান উল্লেখনীয়। এই কথা বীৰেন্দ্ৰ ছেহৱাগে নিজেই কেইবাবাৰো স্বীকাৰ কৰিছে।

সৌৰভ গাংগুলীয়ে কয়, ‘বীৰেন্দ্ৰ ছেহৱাগে টেষ্ট ক্ৰিকেটক এক নতুন ধৰণে বিশ্ব ক্ৰিকেটৰ সৈতে পৰিচয় কৰাই দিছিল। টেষ্ট ক্ৰিকেটত বেটছমেনসকলে অধিক বল খেলি কম ৰান সংগ্ৰহ কৰিছিল যদিও বীৰেন্দ্ৰ ছেহৱাগ সম্পূৰ্ণ বিপৰীত আছিল। বেছিভাগ বেটছমেনে অফষ্টাম্পৰ বাহিৰত বল এৰি দিবলৈ পছন্দ কৰে। বীৰেন্দ্ৰ ছেহৱাগে কিন্তু সেই বলবোৰ খেলি ভাল পাইছিল। বীৰেন্দ্ৰ ছেহৱাগে সেই বলবোৰতে খেলিছিল কাট শ্বট। 

সৌৰভে লগতে কয়, ‘তেওঁ ইনিংছ অপেনিং কৰিছিল আৰু মই বেটিং ক্ৰমৰ পঞ্চম স্থানত খেলিছিলো। আউট হোৱাৰ পিছত, ৰাহুল দ্ৰাবিড়ৰ খেল চাবলৈ মোৰ কাষত বহে। আপুনি জানেনে, ৰাহুল দ্ৰাবিড়ে কেতিয়াও অফষ্টাম্পৰ বাহিৰত বল নেখেলিছিল। যেতিয়াই দ্ৰাবিড়ে অফ ষ্টাম্পৰ বাহিৰত বল এৰি দিয়ে তেতিয়া ছেহৱাগে কয় স্কোয়াৰকাট মাৰিলেই বাউণ্ডেৰী! মই তেতিয়া ছেহৱাগক কৈছিলো, তুমি ভিতৰতে বহাগৈ। তুমি-মই একে নহওঁ। মইও বেটিং কৰিব লাগিব!’

যদি সৌৰভ গাংগুলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ কোনো ক্ৰিকেটাৰৰ বিষয়ে আটাইতকৈ বেছি স্মৃতি ভাগ বতৰা কৰিছে,সেয়া হৈছে বীৰেন্দ্ৰ ছেহৱাগ। বিশ্বৰ শ্ৰেষ্ঠ পেচাৰৰ বিৰুদ্ধে ৩টাকৈ শতক আৰু অষ্ট্ৰেলিয়াৰ দৰে বিধ্বংসী বলাৰৰ সন্মুখত দ্বিশতক অৰ্জন কৰাৰ দুঃসাহস কেৱল ছেহৱাগেহে কৰিব পৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?