--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিশ্ব স্বাস্থ্য সংস্থাই মঙলবাৰে কয় যে, কৰ’না ভাইৰাছৰ নতুন প্ৰকাৰ অ’মিক্ৰন অভূতপূৰ্ব হাৰত বিয়পিবলৈ ধৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ দেশসমূহক অ’মিক্ৰনৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আৰু তেওঁলোকৰ স্বাস্থ্য প্ৰণালী সুৰক্ষিত কৰিবলৈ দ্ৰুততাৰে কাম কৰিবলৈ আহ্বান জনাইছে। স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে সংবাদ মাধ্যমক জনোৱা অনুসৰি বিগত মাহত দক্ষিণ আফ্ৰিকাত নতুন আৰু গুৰুতৰভাৱে পৰিৱৰ্তিত প্ৰকাৰটো প্ৰথমবাৰৰ বাবে চিনাক্ত হোৱাৰ পাছত, অদ্যপি ৭৭খন দেশত ই বিয়পি পৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই লগতে অ’মিক্ৰনে যিকোনো মুহূৰ্ততে গণসংক্ৰমণৰ ৰূপ ল’ব পাৰে বুলি উল্লেখ কৰি সকলো দেশক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে৷


কিন্তু, অ’মিক্ৰণৰ দ্ৰুতসংক্ৰমণ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নিৰ বিপৰীতে ভাৰতত দেখা গৈছে অন্য এখন ছবি৷ ইতিমধ্যে, ভাৰতৰ আঠখন ৰাজ্যৰ ৬৪গৰাকী লোক আক্ৰান্ত হৈছে ভাৰতত৷ পিছে, এইবোৰলৈ যেন ভ্ৰুক্ষেপ কৰা নাই দেশৰ প্ৰধানমন্ত্ৰীয়ে৷ উত্তৰ-প্ৰদেশৰ বাৰাণসীৰ পাঁচ লাখ বৰ্গফুট এলেকা সাঙুৰি নিৰ্মাণ কৰা কাশী বিশ্বনাথ ধাম প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’বলৈ উত্তৰ-প্ৰদেশত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰীগৰাকী৷ ক্ৰমবৰ্ধমান অ’মিক্ৰনৰ সংক্ৰমণৰ ভয়াৱহতাৰ সময়তো লাখ লাখ লোকৰ সমাগমেৰে বাৰাণসীত অনুষ্ঠিত কৰা হৈছে ধৰ্মসভা৷ এতিয়া ইয়াক লৈ উদ্বিগ্ন হৈ পৰিছে দেশবাসী৷

কিয়নো, ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত কুম্ভমেলা কৰ’নাৰ হটস্পটৰূপে পৰিগণিত হৈছিল৷ ক’ভিডৰ সংহাৰী সময়তো ভাৰতত অনুষ্ঠিত হৈছিল কুম্ভমেলা আৰু ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচন৷ তাৰ পৰৱৰ্তী সময়ত লকডাউন, কাৰ্ফিউৱে জুৰুলা কৰিলে ৰাইজক৷ ক’ভিডে দেশৰ অৰ্থনীতিক বহুবছৰলৈ পিছুৱাই নিলে৷ ক’ভিডৰ সময়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা বাবে আনকি উচ্চতম ন্যায়ালয়েও প্ৰশ্ন তুলিছিল৷ যেন পূৰ্বৰ পৰা একোৱেই শিক্ষা নহ’ল দেশৰ প্ৰধানমন্ত্ৰীৰ৷ আকৌ, উত্তৰ-প্ৰদেশৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বাৰাণসীত ধৰ্মসভাক লৈ ব্যস্ত আছে প্ৰধানমন্ত্ৰী৷ তাৰ পাছত দেশজুৰি উঠিছে সমালোচনাৰ জোৱাৰ৷ বিৰোধীও সৰব হৈ পৰিছে এই কাৰ্যত৷

কিয়নো, বাৰাণসীত অনুষ্ঠিত অনুষ্ঠানত কোনোধৰণৰ ক’ভিড বিধি মনা হোৱা নাই৷ লগতে, দেশৰ অন্য প্ৰান্ততো এতিয়া ক’ভিড বিধি উলংঘা হৈছে প্ৰতিনিয়ত৷ অথচ, সাধাৰণ লোকে ক’ভিড বিধি ভংগ কৰিলে জৰিমনা বিহা এই দেশত ৰাজনীতিবিদসকলে ক'ভিড বিধি নমনাকৈয়ে লাখ লাখ লোকৰ সমাগম কৰি অনুষ্ঠিত কৰি আছে সভা৷ কৰ’নাৰ বাবে সকলোতকৈ ক্ষতি হৈছে সৰ্বসাধাৰণৰ৷ প্ৰাণহানি হৈছে লক্ষাধিক জনতাৰ৷ পৰিয়ালবোৰলৈ নামি আহিছে অন্ধকাৰ৷ অৰ্থনীতি জুৰুলা হৈ পৰিছে৷ তেনেস্থলত পুনৰ বাৰাণসী-অযোধ্যাত অনুষ্ঠিত সভাই সংশয় নমাই আনিছে সকলোৰে মনত৷ প্ৰশ্ন হৈছে বাৰাণসী-অযোধ্যা হ’বগৈ নেকি কৰ’নাৰ নতুন হটস্পট! বিপদ সমাগত৷ কলিকতাও পালে অ’মিক্ৰন৷ অসমলৈ কিমাননো দূৰ বাট!


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?