--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি তেলেংগানাত আছাদুদ্দিন ওৱেইছিৰ প্ৰতি আক্ৰমণাত্মক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ মন্তব্য কৰি তেওঁ কয়, অনুচ্ছেদ ৩৭০ৰ দৰে ওৱেইছিৰ নামো লিখা হ’ব৷ হিমন্ত বিশ্ব শৰ্মাই কয়, যিদৰে অনুচ্ছেদ ৩৭০ বাতিল কৰা হৈছিল, ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ হৈছিল তেনেকৈ ইয়াতো নিজামৰ নাম, ওৱেইছিৰ নাম লিখা হ’ব৷

তেলেংগানাৰ ৱাৰাংগলত বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, সেই দিনটো বেছি দূৰ নহয়। ভাৰতৰ ইতিহাসে কৈছে হৈছে যে বাবৰ, ঔৰংগজেৱ আৰু নিজামে বেছি দিন জীয়াই থাকিব নোৱাৰে। মই নিশ্চিত যে নিজামৰ উত্তৰাধিকাৰী সম্পূৰ্ণৰূপে বন্ধ হ’ব আৰু ভাৰতীয় সভ্যতাৰ ওপৰত আধাৰিত এক নতুন সংস্কৃতিৰ উদ্ভৱ হ’ব৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ তেলেংগানা ৰাজ্যিক সভাপতি বান্দি সঞ্জয় আৰু কেইবাজনো বিশিষ্ট নেতাই দেওবাৰে ইয়াত এখন বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠকখনে নতুন আঞ্চলিক ব্যৱস্থাত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৱণ্টনৰ প্ৰয়োগৰ বিৰুদ্ধে আলোড়ন তীব্ৰতৰ কৰাৰ ওপৰত গুৰুত্ব দিব বুলি কোৱা হৈছে।


তেওঁ লগতে কয় যে মানুহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বাস কৰে আৰু বিজেপিয়ে তেলেংগানাক এখন নতুন ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰে। ভাষণ প্ৰসংগত ড° শৰ্মাই পুনৰ কয় যে, মানুহৰ মৰম আৰু সমৰ্থনে মোক হায়দৰাবাদলৈ পুনৰ আহিবলৈ অনুপ্ৰাণিত কৰে। মই ২০২৩ চনত পুনৰ আহিম যেতিয়া বিজেপি চৰকাৰে ৰাজ্যখনত শপত ল’ব। মানুহৰ বিশ্বাস আছে যে প্ৰধানমন্ত্ৰী মোদীৰ সমৰ্থনত তেওঁলোকে এখন নতুন ৰাজ্য গঢ়ি তুলিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?