--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসমীয়া মানুহৰ ফুলৰ বাগিচাত প্ৰায়ে দেখা এবিধ ফুল হ'ল নাৰ্জী ফুল।  নাৰ্জী গৃহসজ্জাত ব্যৱহাৰ হোৱা এবিধ উজ্জ্বল হালধীয়া ৰঙৰ ফুল। হালধীয়াৰ বাহিৰে অন্য ৰঙৰ নাৰ্জী ফুলো দেখা যায়। এই ফুলৰ কৃষি প্ৰণালী একেবাৰেই সহজ। ভাৰত উপমহাদেশত অতীতৰে পৰা এই ফুলৰ খেতি আৰু বিভিন্ন কাৰ্য্যত ব্যৱহৃত হৈ আহিছে। নাৰ্জী ফুল বিভিন্ন জাত আৰু ৰঙৰ হোৱা দেখা যায়। এই ফুল সাধাৰণতে উজ্জ্বল হালধীয়া আৰু কমলা হালধীয়া ৰঙৰ হয়। সাধাৰণতে নাৰ্জী এটি শীতকালীন ফুল হ'লেও বৰ্তমানে গ্ৰীষ্ম আৰু বৰ্ষাকালতো ইয়াৰ খেতি কৰা হয়। বাগিচাৰ শোভা বৰ্ধন উপৰিও বিভিন্ন উৎসৱ-অনুষ্ঠান, পূজা-পাৰ্বন আৰু গৃহসজ্জাত নাৰ্জী ফুল ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।

নাৰ্জী ফুলৰ আছে বহু ঔষধি গুণ। জানো আহক কি কি

১)অৰ্শ ৰোগত নাৰ্জী ফুলৰ ৰস উপকাৰী

২) নার্জী ফুলৰ পাত খুন্দি তাৰ দুটোপাল ৰস নাকত দিলে নাকৰ পৰা তেজ ওলােৱা বন্ধ হয়।

৩)নার্জী ফুলৰ পাতৰ ৰস ৰাতিপুৱা খালী পেটত সেৱন কৰিলে পাথৰ হােৱা ৰােগ নিৰাময় হয়।

৪)নাৰ্জী ফুলৰ পাত গৰম পানীত সিজাই সেই ৰসেৰে কুলকুলি কৰিলে দাঁতৰ বিষৰ পৰাও পৰিত্ৰাণ পোৱা যায়।

৫)শৰীৰৰ বিভিন্ন স্থানত হোৱা খজুৱতিত নাৰ্জী ফুলৰ পাত থেতেলিয়াই সেই স্থানত লেপ লগাই ক্ষন্তেক সময়ৰ পাছত পৰিষ্কাৰ কাপোৰেৰে মোহাৰি দিব লাগে। এনে ধৰণে লেপ লগালে আৰাম পোৱা যায়।

৬)পূৰঠ এচামুচ নাৰ্জী ফুলৰ গুটিত চেনি মিহলাই প্ৰতিদিন এচামুচকৈ অলপ দিন খালে স্বপ্নদোষ নিৰাময় হয়।

৭)শীতকালত হাত-ভৰিৰ ছাল শুকান হৈ পৰে । নাৰ্জী ফুলৰ পাতৰ ৰসৰ লগত ভেচলিন মিহলাই লগালে ছাল নিমজ হৈ পৰে।

৮) নার্জী ফুলৰ পাত খুন্দি তাৰ ৰস উলিয়াই সেইখিনি দুগিলাচ পানীত ভালদৰে উতলাই সেইখিনি চেকি লৈ গাৰ্গল কৰিলে মুখৰ দুর্গন্ধ দূৰ হােৱাৰ লগতে দাঁতত থকা বীজাণু নাশ হয় আৰু লগতে টনচিল ৰােগাে নােহােৱা হয়।

৯) নার্জী ফুলৰ পাত খুন্দি তাৰ লেপন কীট-পতংগই কামােৰা অংশত লগালে বিষ নির্মূল কৰাৰ লগতে বীজাণু নাশ কৰিব পাৰে।

১০) কটা-ছিঙাত নাৰ্জী ফুলৰ পাতৰ ৰস লগালে তেজ ওলোৱা বন্ধ হয় আৰু সোনকালে শুকায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?