--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তিনি ভাষিক সূত্ৰক লৈ তামিলনাডু আৰু কেন্দ্ৰৰ মাজত বিবাদ ইমানেই বৃদ্ধি পালে যে ডি এম কে চৰকাৰে বাজেটৰ ল’গ’ৰ পৰা  ₹ আঁতৰাই তামিল আখৰ ‘ரூ’ ব্যৱহাৰ কৰিলে।


 উল্লেখ্য যে তেওঁলোকে আঁতৰোৱা চিম্বলটো আচলতে তামিলনাডুৰ এজন ব্যক্তিয়ে ডিজাইন কৰিছিল। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ব্যক্তিজন নিজেই ডি এম কে দলৰ।

বৰ্তমান গুৱাহাটী আই আই টিৰ অধ্যাপক ডি উদয়া কুমাৰে টকাৰ চিহ্ন ডিজাইন কৰিছিল। তেওঁৰ পিতৃ তামিলনাডুৰ প্ৰাক্তন ডি এম কে বিধায়ক আছিল। এতিয়া যেতিয়া উদয় কুমাৰক ষ্টেলিন চৰকাৰৰ এই সিদ্ধান্তক লৈ তেওঁৰ মতামত সোধা হ’ল, তেতিয়া তেওঁ এই বিতৰ্কৰ পৰা নিজকে সম্পূৰ্ণৰূপে আঁতৰাই ৰাখি নিজৰ কথা ক’লে।

পিটিআইৰ সৈতে হোৱা কথা-বতৰাত উদয় কুমাৰে কয়, ‘এই সন্দৰ্ভত মোৰ কোনো প্ৰতিক্ৰিয়া নাই। যদি চৰকাৰে পৰিৱৰ্তনৰ প্ৰয়োজন বুলি অনুভৱ কৰে আৰু তাৰ ঠাইত নিজৰ লিপিৰে সলনি কৰিব বিচাৰে তেন্তে সেয়া কৰিব পাৰে। ই নিৰ্ভৰ কৰে ৰাজ্য চৰকাৰৰ ওপৰত। এই বিষয়ে মোৰ ক’বলগীয়া একো নাই।' লগতে তেওঁ কয় যে তামিলনাডু আৰু ডি এম কেৰ সৈতে জড়িত কোনোবাই ইয়াৰ ডিজাইন কৰাটো কেৱল কাকতলীয়া কথা।

এই টকাৰ চিম্বল ভাৰত চৰকাৰে ২০১০ চনৰ ১৫ জুলাই তাৰিখে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। ভাৰত চৰকাৰে এখন প্ৰতিযোগিতা আয়োজন কৰিছিল য’ত উদয় কুমাৰৰ ডিজাইনক শ্ৰেষ্ঠ বুলি বিবেচিত হৈছিল। ইয়াৰ পিছত ইয়াক টকাৰ নতুন চিহ্ন হিচাপে গ্ৰহণ কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?