--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পদ্ম নদীৰ পাৰত পুনৰ অৰাজকতা। বাংলাদেশৰ ধনমণ্ডিত বংগ বন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ স্মৃতি বিজড়িত ঘৰটোত চলিছে ধ্বংসলীলা। ধনমণ্ডী গৃহ আৰু সমগ্ৰ দেশৰ একাধিক স্থানত বংগ বন্ধুৰ প্ৰতিমূৰ্তি ধ্বংস কৰাৰ ঘটনাই  স্তম্ভিত কৰি তুলিছে। 

বুধবাৰৰ নিশাৰ পৰা ধনমণ্ডীৰ ৩২ নম্বৰ ঘৰ ভাঙি পেলোৱা হৈছে। বৃহস্পতিবাৰেও চলি আছে ঘৰ ভঙাৰ কাৰ্য। বহুতে সেই ঘৰৰ পৰা ইটা, কাঠ, লোহা লৈ গৈছে। লৈ যোৱা হৈছে  মূল্যবান কিতাপবোৰো। বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৱে প্ৰকাশ কৰা অনুসৰি এইবোৰ গ্ৰহণ কৰাসকলৰ অধিকাংশই নিম্ন শ্ৰেণীৰ সাধাৰণ লোক। তেওঁলোকৰ মূল লক্ষ্য হৈছে লোহা আৰু কাঠ বিক্ৰী কৰি কিছু টকা উপাৰ্জন কৰা।

প্ৰথম আলোৰ বাতৰি অনুসৰি ছয় মহলীয়া অট্টালিকাটোত বংগবন্ধু স্মাৰক সংগ্ৰহালয়ত প্ৰৱেশ কৰে প্ৰতিবাদকাৰী। আৰু সেই সংগ্ৰহালয়টো ধ্বংস কৰে। সেই মিউজিয়ামত বহু মূল্যবান আৰু বিৰল কিতাপ আছিল।যিবিলাক সকলো কাঢ়ি লৈ ​​গৈছে। সংগ্ৰহালয়টোত মুজিবুৰৰ স্মৃতি সন্নিবিষ্ট কিতাপৰ উপৰিও সেই পৰিয়ালৰ সদস্যসকলে লিখা কিতাপো আছিল। আনকি হাছিনাৰ বাসগৃহ সুধা সদনতো জুই লগাই দিয়ে উন্মাদ জনসাধাৰণে।

এই ঘটনাত মৰ্মাহত হৈ পৰিছে তাছলিম নাছৰীন৷ প্ৰসংগ ক্ৰমে বহুবছৰৰ ধৰি তেওঁ নিজৰ দেশত ভৰি দিয়া নাই। আৰু এই ঘটনাৰ আঁৰত আছিল শ্বেখ হাছিনাৰ চৰকাৰ। তথাপিও লেখকে নিজ দেশৰ এনে ক্ষতি, ইতিহাসৰ এনে বিকৃতি মানি ল’ব পৰা নাই৷ এই ঘটনাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে তাছলিম নাছৰীন৷ তেওঁ বৃহস্পতিবাৰে পুৱা ফেচবুকত এই বৰ্বৰতাৰ ফটো শ্বেয়াৰ কৰি লিখিছে, “স্বাধীন বাংলাদেশৰ স্থপতিৰ শেষ স্মৃতি আজি জ্বলি ছাই হৈ গ’ল; বাংলাদেশ কান্দিব। ইফালে, বাংগাবন্ধুৰ ঘৰ ভাঙি পেলোৱাৰ ঘটনাক লৈ পাকিস্তানেও টুইটাৰযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?