--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ জামছেদপুৰত ছখনকৈ বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰাৰ লগতে বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এখন বিশাল ৰাজহুৱা সভাত জনসাধাৰণক সম্বোধন কৰে। গোপাল ময়দানত অনুষ্ঠিত হোৱা সভাখনত জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰৱ হৈ পৰে বিৰোধী শিবিৰৰ ওপৰত৷

প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰদান কৰি ঝাৰখণ্ড মুক্তিমৰ্চাৰ চৰকাৰে বাংলাদেশী আৰু ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰা বুলি অভিযোগ উত্থাপন কৰে৷ বাংলাদেশী আৰু ৰোহিংগীয়া অনুপ্ৰৱেশৰ ফলত সন্থাল পৰগণা আৰু কোলহান অঞ্চলৰ জনসংখ্যাত বৃহত পৰিবৰ্তন সাধন কৰিছে, ফলস্বৰূপে জনজাতীয় লোকসকলৰ জনসংখ্যা হ্ৰাস পাইছে বুলিও দাবী উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ লগতে প্ৰত্যেক ঝাৰখণ্ডবাসীয়ে  অনুপ্ৰৱেশকাৰীৰ বাবে অসুৰক্ষিত অনুভৱ কৰিছে বুলি মতপ্ৰকাশ কৰে৷ 

ঝাৰখণ্ড মুক্তিমৰ্চাৰ, ৰাষ্ট্ৰীয় জনতা দল, আৰু কংগ্ৰেছক ঝাৰখণ্ডৰ তিনি শত্রু বুলি কঠোৰ সমালোচনা কৰাৰ লগতে এই দলসমূহ দুৰ্নীতি  গ্ৰস্ত আৰু ৰাজ্যৰ সম্পদ লুণ্ঠনকাৰী বুলি অভিযোগ উত্থাপনকৰে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে কয় জে.এম.এমক বিদায় দিয়াৰ সময় সমাগত বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ 

‘দুই তিনি দিনৰ পূৰ্বে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ একখন স্বতন্ত্ৰ বিচাৰপীঠে এই অনুপ্ৰৱেশৰ তদন্তৰ নিৰ্দেশ দিছিল, কিন্তু  জেএমএম চৰকাৰে ঝাৰখণ্ডত অনুপ্ৰৱেশ হৈছে বুলি স্বীকাৰ কৰিবলৈ সাজু নহয়।’ বাংলাদেশী আৰু ৰোহিংগীয়া অনুপ্ৰৱেশে সন্থাল পৰগনা আৰু কলহানৰ জনগাঁথনিত দ্ৰুত পৰিৱৰ্তন সাধন কৰা বুলি  মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?