ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা বাংলাদেশৰ কেইবাটাও হিন্দু মন্দিৰত কেইজনমান ইছলাম ধৰ্মাৱলম্বী লোকে চলাইছিল ধ্বংসলীলা। যি কথাই বাংলাদেশৰ লগতে ভাৰততো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজয়া দশমীৰ দিনা বাংলাদেশৰ মন্দিৰত আক্ৰমণ চলাইছিল মৌলবাদীয়ে। বাংলাদেশৰ নোৱাখালিত থকা ইস্কন মন্দিৰত দুস্কৃতিকাৰীয়ে তাণ্ডৱ চলাইছিল। ইস্কন মন্দিৰৰ পূজাৰ সা-সামগ্ৰীৰ লগতে অন্যান্য কিছুমান প্ৰয়োজনীয় সা-সামগ্ৰী জ্বলাই দিছিল। কেৱল সেয়াই নহয় মন্দিৰত থকা ভক্তকো প্ৰহাৰ কৰিছিল ইছলাম দুস্কৃতিকাৰী দলটোৱে। পাৰ্থ দাস নামৰ এজন লোকে হেৰুৱায় প্ৰাণ।

অষ্টমীৰ দিনাও বাংলাদেশৰ কুমিল্লাৰ বহু পূজা মণ্ডপ, মন্দিৰ তথা মূৰ্তি ভাঙি পেলোৱাৰ লগতে অগ্নিসংযোগৰ ঘটনাও সংঘটিত হৈছিল। তাৰপাছতে বাংলাদেশৰ ২২খন জিলাত বিজিবি বাহিনী মোতায়েন কৰা হয়।

ইতিমধ্যেই বাংলাদেশ আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত ইমামসহ ৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ লগত জড়িত কোনো লোক সাৰি নাযাব বুলি সদৰী কৰিছে আৰক্ষীয়ে।দেশখনত শেহতীয়াকৈ সাম্প্ৰদায়িক সংঘৰ্ষ তথা আৰক্ষীৰ গুলীত ৪জন লোক নিহত হৈছে।

হিন্দুৰ ওপৰত মুছলমানে কৰা আক্ৰমণক লৈ গৰজি উঠিছে বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী ৰাফিয়াৎ ৰছিদ মিথিলা। ছ'চিয়েল মিডিয়াত বাংলাদেশৰ মৌলবাদী শক্তিক উদ্দেশ্য কৰি মিথিলাই লিখিছে— ''ধৰ্মৰ নামত লুণ্ঠন বন্ধ হওঁক। ঘৃণাৰ ব্যৱসায় বন্ধ হওঁক। সকলোৰে ওপৰত মানুহ আৰু মানৱতা, এয়াই সত্য হওঁক। ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুন্দৰ আৰু শান্তিপূৰ্ণ পৃথিৱী গঢ়াটো আমাৰ কৰ্তব্য।''

বাংলাদেশৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে মৌলবাদী শক্তিৰ বিৰুদ্ধে থিয় দিয়াৰ কথাই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে আৰু মানৱীয় অনুভূতিশীল মানুহক সুখী কৰি তুলিছে।