--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘৰত প্ৰায়ে ৰঙা আৰু ক’লা বিভিন্ন পৰুৱা ওলায়। বাস্তু শাস্ত্ৰৰ মতে পৰুৱা পৰা  মুক্ত হোৱাৰ পৰিণতি বেলেগ বেলেগ। ইয়াৰ ফল শুভ হ’ব নে অশুভ হ’ব সেয়া পৰুৱাবোৰৰ ৰং আৰু ইহঁতৰ বাহিৰলৈ ওলোৱাৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰে।

বাস্তু শাস্ত্ৰৰ মতে আমাৰ চৌপাশে ঘটি থকা ঘটনাবোৰে আমাৰ ভৱিষ্যতৰ এক ইংগিত দিয়ে। এইবোৰে কিছুমান শুভ আৰু কিছুমান অশুভ ঘটনাৰ বিষয়ে ইংগিত দিয়ে। ঘৰত পৰুৱাৰ উপস্থিতিও ভবিষ্যত জীৱনত ঘটিব লগা ঘটনাৰ চিন বাস্তু শাস্ত্ৰৰ মতে। আমাৰ সকলোৰে ঘৰত প্ৰায়ে ৰঙা আৰু ক’লা পৰুৱা ওলাই আহে। এই পৰুৱাবোৰ বহু ঠাইৰ পৰা ওলাই আহে, ইহঁতৰ অৰ্থ বেলেগ বেলেগ। পৰুৱা ওলাই অহাৰ পৰিণতি কি হয় জানো আহক।

ৰঙা পৰুৱাৰ ৰ অৰ্থ: বাস্তু শাস্ত্ৰৰ মতে ঘৰত ৰঙা পৰুৱাৰ উপস্থিতি শুভ বুলি গণ্য কৰা নহয়। ৰঙা পৰুৱাৰ উপস্থিতিয়ে কিছু লোকচানৰ ইংগিত দিয়ে। ৰঙা পৰুৱাক অশুভ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি যদি আপোনাৰ ঘৰত বা কৰ্মস্থলীত ৰঙা পৰুৱা ওলাই আহিছে, তেন্তে ই কোনো ধৰণৰ বিবাদৰ লক্ষণো হ’ব পাৰে। ৰঙা পৰুৱাৰ আবিৰ্ভাৱে আৰ্থিক অসুবিধাৰ লক্ষণ। টকাৰ নাটনি হ’ব পাৰে আৰু ঋণ ল’বলগীয়া হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। 

ক'লা পৰুৱাৰ অৰ্থ: ক’লা পৰুৱা ওলোৱাটো শুভ বুলি গণ্য কৰা হয়। ঘৰত যদি ক’লা পৰুৱা ওলাই আহিছে, তেন্তে বহুদিনৰ পৰা চলি অহা সমস্যাবোৰৰ পৰা আপুনি মুক্তি পাব পাৰে। ক’লা পৰুৱা ঘৰৰ সুখ, শান্তি আৰু সমৃদ্ধিৰ বাহক। যদি ক’লা পৰুৱা ওলাই আহে, তেন্তে বুজি লওক যে আপোনাৰ সম্পত্তি বৃদ্ধি হ’বলৈ গৈ আছে।  কিন্তু সোণ ৰখা যিকোনো ঠাইৰ পৰা যদি ইহঁত ওলাই আহে, তেন্তে ধন-সম্পত্তি নষ্ট হ’বলৈ গৈ আছে বুলি বিশ্বাস কৰা হয়। ছাদৰ পৰা ক’লা পৰুৱা ওলোৱাটোও শুভ বুলি গণ্য কৰা হয়।

মুখত কণী লৈ যোৱা পৰুৱাৰ অৰ্থ : কণী কঢ়িয়াই নিয়া পৰুৱাক শুভ বুলি গণ্য কৰা হয়। বাস্তুৰ মতে যদি ৰঙা বা ক’লা পৰুৱাবোৰে মুখত কণী কঢ়িয়াই লৈ ফুৰিছে, তেন্তে ই কিছু ভাল খবৰৰ ইংগিত দিয়ে। ৰঙা পৰুৱাক অশুভ বুলি বিবেচিত হয় যদিও মুখত কণী থাকে তেন্তে ইহঁতে শুভ ফল দিবলৈ গৈ আছে বুলি বিশ্বাস কৰা হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?