--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এলানি শৃংখলাত দক্ষিণ আফ্ৰিকাৰ দলটোত কেইবাজনো প্ৰতিভাৱান ক্ৰিকেটাৰৰ উন্মেষ ঘটিব। সদ্যসমাপ্ত ২০২২ চনৰ আইপিএলত তেওঁলোকৰ একাংশ খেলুৱৈয়ে আকৰ্ষণীয় প্ৰদৰ্শনো আগবঢ়াইছে। সেয়েহে আইপিএলত খেলা খেলুৱৈসকলে ভাৰতৰ বিৰুদ্ধে আগন্তুক ছিৰিজতো ধাৰাবাহিকতা অব্যাহত ৰাখিব বুলি আশাবাদী প্ৰটিয়াছ শিবিৰ। নতুন দিল্লীত ৯ জুনত আৰম্ভ হ’বলগীয়া মেন ইন ব্লুৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ ছিৰিজৰ বাবে সাজু হৈছে দক্ষিণ আফ্ৰিকা। অৱশ্যে, ভাৰতীয় যুৱ খেলুৱৈক লৈ উদ্বিগ্ন দক্ষিণ আফ্ৰিকা।

ভাৰতৰ আনকেপড তাৰকা উমৰাণ মালিকক লৈ উদ্বিগ্ন প্ৰটিয়াছ শিবিৰ। উমৰাণৰ বলৰ গতিবেগৰ সন্মুখীন হোৱাটো যে সহজ নহ’ব সেই কথা স্বীকাৰ কৰিছে টেম্বা বাভুমাই। ২০২২ চনৰ আইপিএলত দুৰন্ত প্ৰদৰ্শন আগবঢ়োৱাৰ পিছত প্ৰথমবাৰৰ বাবে টি-২০ শৃংখলাৰ বাবে ভাৰতৰ বিৰুদ্ধে খেলিবলৈ সুযোগ পোৱা দুগৰাকী খেলুৱৈৰ ভিতৰত তেওঁ অন্যতম।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলিছিল উমৰাণ মালিকে। প্ৰতিযোগিতাখনৰ ১৫ সংখ্যক সংস্কৰণত উমৰাণৰ বিস্ময়কৰ গতিৰ লগতে উইকেট লোৱাৰ ক্ষমতাত হতচকিত ক্ৰীড়াবিশ্ব। 

দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই স্বীকাৰ কৰিছে যে, ‘কোনো বেটছমেনে প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰতকৈ অধিক গতি প্ৰদান কৰা বলাৰৰ সন্মুখীন হ’ব নিবিচাৰিব। ১৫০ তকৈ অধিক বেগত বলিং অব্যাহত আছে উমৰাণৰ।’

সাংবাদিকৰ সৈতে হোৱা কথোপকথনত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই কয় যে, উমৰাণ মালিক ভাৰতীয় দলৰ বাবে এজন গুৰুত্বপূৰ্ণ উদীয়মান পেচ বলাৰ। ভাৰতীয় ক্ৰিকেটৰ বাবে আইপিএল অনন্য প্ৰতিযোগিতা। কাৰণ, তেওঁলোকে এই সকলোবোৰ দ্ৰুত বলিং বিকল্প বিচাৰি উলিয়াবলৈ সক্ষম হৈছে। মই ভাবো আমি দক্ষিণ আফ্ৰিকাত দ্ৰুত বলাৰৰ সন্মুখীন হৈয়ে ডাঙৰ হৈছো। তথাপি, কোনো বেটছমেনে প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰতকৈ অধিক বেগত কৰা বলৰ সৈতে মোকাবিলা কৰিবলৈ ভাল নাপায়। কিন্তু আমি  প্ৰস্তুতি চলাই গৈছো।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?