--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহি আছে ২০২৫ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ। ধৰ্মীয় দৃষ্টিকোণৰ পৰা সূৰ্যগ্ৰহণক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। সূৰ্যগ্ৰহণ এক জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা।সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী আংশিকভাৱে বা সম্পূৰ্ণভাৱে এক হৈ থাকিলে সূৰ্যগ্ৰহণ হয় । চন্দ্ৰ, সূৰ্য আৰু পৃথিৱীৰ মাজেৰে পাৰ হ’লে এনে হয় । চন্দ্ৰৰ ছাঁ সূৰ্যৰ ওপৰত পৰি পৃথিৱীৰ কিছু অংশত সূৰ্যৰ পোহৰ পোৱাত বাধা দিয়ে । ইয়ে সূৰ্যগ্ৰহণ । চন্দ্ৰৰ ছাঁ পৰাৰ ফলত সূৰ্যক পৃথিৱীৰ পৰা দেখিবলৈ আন্ধাৰ যেন লাগে । 

২০২৫ চনৰ ২৯ মাৰ্চ শনিবাৰে সংঘটিত হ’ব এই বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ।পুৱা ৮ঃ৫০ বজাৰ পৰা দুপৰীয়া ১২ঃ৪৩ বজালৈ লাগিব সূৰ্যগ্ৰহণ ৷

How To Watch Total Solar Eclipse Without Damaging Your Eyes

ক'ত দেখা যাব এই সূৰ্যগ্ৰহণ ?

আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ তথ্য অনুসৰি বছৰৰ প্ৰথমটো সৌৰজ্বল বহু মহাদেশত দেখা যাব । উত্তৰ গোলাৰ্ধত অৱস্থিত হোৱাৰ বাবে ইউৰোপীয়সকলে ইয়াক চাব পাৰিব । ইয়াৰ উপৰিও উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, আইচলেণ্ড, উত্তৰ আটলাণ্টিক মহাসাগৰ আৰু উত্তৰ-পশ্চিম ৰাছিয়াতো ই দৃশ্যমান হ’ব । নাছাৰ মতে, এই দৃশ্য উত্তৰ আমেৰিকাৰ পূব অঞ্চলত আটাইতকৈ ভালকৈ দেখা যাব । অৱশ্যে বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযাব ।
Partial solar eclipse on March 29, to be visible in these continents |  Latest News India - Hindustan Times

২০২৫ বৰ্ষৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ কেতিয়া?

২০২৫ চনত মুঠ দুটা সূৰ্যগ্ৰহণ হ’ব । প্ৰথমটো ২৯ মাৰ্চত আৰু দ্বিতীয়টো ২১ ছেপ্টেম্বৰত হ’ব । দ্বিতীয়টো বিশেষকৈ অষ্ট্ৰেলিয়া, এন্টাৰ্কটিকা, আৰু প্ৰশান্ত মহাসাগৰকে ধৰি দক্ষিণ গোলাৰ্ধত দেখা যাব ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?