ডিজিটেল ডেস্ক: দেশত বৃদ্ধি হ’ব চেনিৰ দাম৷ নিত্য ব্যৱহাৰ্য্য আন আন সামগ্ৰীৰ লগতে গ্ৰাহকে বৰ্ধিত মূল্যত ক্ৰয় কৰিবলাগীয়া হ’ব চেনি৷ শেহতীয়া তথ্য অনুসৰি বৰ্ধিত উৎপাদন ব্যয়ৰ বাবে লোকচানৰ সন্মুখীন হৈ আহিছে উদ্যোগসমূহ সেয়ে চৰকাৰৰ পৰা তাৎক্ষণিক সহায়ৰ আহ্বান জনাইছে ইণ্ডিয়ান চুগাৰ এণ্ড বায়’-এনাৰ্জী মেনুফেকচাৰ্ছ এছচিয়েচনে৷
মঙলবাৰে ইণ্ডিয়ান চুগাৰ এণ্ড বায়’-এনাৰ্জী মেনুফেকচাৰ্ছ এছচিয়েচন এক বিবৃতিত কয় যে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চেনিৰ মূল্য প্ৰতি কিলোগ্ৰামত ৩১ টকাকৈ অপৰিৱৰ্তিত হৈ আছে৷
ইণ্ডিয়ান চুগাৰ এণ্ড বায়’-এনাৰ্জী মেনুফেকচাৰ্ছ এছচিয়েচন মিলসমূহত বৃদ্ধি পোৱা উৎপাদন ব্যয়ৰ বাবে প্ৰতি কেজি চেনিৰ নূন্যতম বিক্ৰী মূল্য প্ৰতি কেজি ৩১ টকাৰ পৰা ৩৯.১৪ টকালৈ বৃদ্ধি কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে৷
আই.এছ.এম.এ জনোৱা মতে যিহেতু বিগত পাঁচ বছৰত কুঁহিয়াৰ এফ.আৰ.পি পাঁচগুণ বৃদ্ধি পাইছে, ২০২৪-২৫ বৰ্ষত এফ আৰ পি প্ৰতি কুইণ্টলত ৩৪০ টকা হৈছে। এনে পৰিপ্ৰেক্ষিতত চেনিৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা অধিক হৈ পৰিছে৷