--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতিমাত্ৰা খাদ্য খোৱাৰ ফলত ২৪ বছৰীয়া এজন যুৱকৰ ফাটিল পেট। ফলত কৰুণ মৃত্যুক সাবটিলে যুৱকজনে।

অত্যন্ত মেদবহুলতাত আক্ৰান্ত আছিল যুৱকজন। এই যুৱকজন ছ’চিয়েল মিডিয়াত খাদ্যৰ ভিডিঅ’ পোষ্ট কৰাৰ বাবে পৰিচিত আছিল।

তুৰ্কীৰ এফেকান কুলতুৰ নামৰ যুৱকজনে খাদ্য খোৱাৰ ভিডিঅ’ পোষ্ট কৰিছিল। ‘মুকবাং’ ষ্ট্ৰীমাৰ নামেৰে বিখ্যাত আছিল এফেকান কুলতুৰ।

মুকবাং হৈছে এক প্ৰকাৰৰ অনলাইন সম্প্ৰচাৰ য’ত কণ্টেণ্ট ক্ৰিয়েটৰসকলে দৰ্শকৰ সৈতে মত বিনিময় কৰাৰ সময়তে বিশাল পৰিমাণৰ খাদ্য খায়। অত্যধিক খাদ্য খাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু লাখ লাখ ভিউজ অৰ্জন কৰে ক্ৰিয়েটৰসকলে।

অতিৰিক্ত ওজনৰ বাবে হোৱা স্বাস্থ্যজনিত সমস্যাৰ বাবে ২০২৪ চনৰ ডিচেম্বৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছিল এফেকান।

এফেকানে থিয় দিব ভালকৈ পৰা নাছিল। তেওঁৰ উশাহ-নিশাহত অসুবিধা হ’বলৈ ধৰিলে আৰু লগতে তেওঁৰ গধুৰ শৰীৰৰ বাবে খোজ কঢ়াতো অসুবিধা হৈছিল।

এফেকানৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে তেওঁৰ পেটত বহু পৰিমাণে হজম নোহোৱা খাদ্য ভৰি পৰিছিল যাৰ বাবে তেওঁৰ পেট ফাটি গৈছিল।

পেট ফাটি যোৱাৰ বাবে পেটৰ এচিড আৰু খাদ্য পাকস্থলীত প্ৰৱেশ কৰে আৰু ইয়াৰ বাবেই তেওঁৰ মৃত্যু হয়।

মেডিকেল নিউজ টুডেৰ তথ্য অনুসৰি এজন গড় ব্যক্তিয়ে দিনটোত ২০০০ৰ পৰা ২৫০০ কেলৰি খাব লাগে, যিটো প্ৰায় ১ৰ পৰা ১.৫ কিলোগ্ৰাম খোৱাৰ সমতুল্য।

প্ৰাপ্তবয়স্ক লোকে দৈনিক কমেও ৫০ গ্ৰাম প্ৰটিন খাব লাগে। ইয়াৰ লগতে ৩০ গ্ৰাম কাৰ্ব আৰু ৭০ গ্ৰাম চৰ্বিও খাব লাগে।

ইয়াৰ উপৰিও আঁহো খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে যাতে হজম শক্তি সঠিক হৈ থাকে। এবাৰতে বেছিকৈ খোৱাৰ পৰা বিৰত থাকিব লাগে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?