--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

কলকাতা : বিশ্বৰ পুৰোধা ব্যক্তিসকলৰ কৰ্মৰাজিক সংগীত তথা চলচিত্ৰ নিৰ্মাণেৰে নৱ ৰূপ দি শ্ৰোতা-দৰ্শক তথা নৱপ্ৰজন্মৰ মাজলৈ নিয়াতো নতুন কথা নহয়।এইবাৰ কবিগুৰুৰ সংগীতক লৈ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে এগৰাকী শিল্পীয়ে। এই শিল্পীগৰাকী আন কোনো নহয়, বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী সুনিধি চৌহান।

আৰু পঢ়িব পাৰিব : হিংসাজৰ্জৰ বংগ : ‘কনিষ্ঠ ভগ্নী’ মমতালৈ ৰাজ্যপালৰ কঠোৰ বাৰ্তা…

এটা সংবাদ মাধ্যম যোগে জনপ্ৰিয় কন্ঠশিল্পী সুনিধি চৌহানে প্ৰকাশ কৰে যে, ‘ৰবীন্দ্রনাথ ঠাকুৰৰ গীত গাওঁতে খুব সূক্ষ্মভাৱে আৰু সাৱধানেৰে অভ্যাস কৰোঁ।কলকাতাবাসী গীত সম্পর্কে খুব সচেতন-সৰু সৰু ভুলো তেওঁলোকৰ দৃষ্টিত ধৰা পৰে। যিখন ঠাইৰ শ্ৰোতা ইমান সমৃদ্ধ,তেনেস্থলত মোৰ মনত দুগুণ পৰিশ্রম কৰাৰ ইচ্ছা জন্মে।

ৰবীন্দ্রনাথ ঠাকুৰৰ গান মানুহৰ বাবে এটা আৱেগ।‘
সংবাদ মাধ্যমযোগে ভৱিষ্যতে ৰবীন্দ্রনাথ ঠাকুৰৰ গীত সমূহক লৈ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে। তেওঁ সদৰি কৰে যে, ‘ৰবীন্দ্র সংগীত এটা সমুদ্ৰৰ দৰে। তেওঁৰ পূৰণি গীতসমূহ মোৰ বাবে সদায় নতুন। সুযোগ পালে ভৱিষ্যতে ৰবীন্দ্র সংগীতসমূহক লৈ কাম কৰিম।‘

আৰু পঢ়িব পাৰিব : কৰ’নাৰ হটস্পট : গুৱহাটীৰ বহু অঞ্চল হ’ব কণ্টেইনমেণ্ট জ’ন, চাওক সবিশেষ


এই গীতসমূহ ৰিমিক্সৰ প্ৰসংগতো শিল্পীগৰাকীয়ে কয়, ‘সকলোৱে নতুনত্ব বিচাৰে।এইটো ভাল কথা। কিন্তু সতৰ্কতাৰে ৰিমিক্স কৰাটো দৰকাৰ, ৰিমিক্স কৰিবলৈ যাওঁতে মূল সংগীতৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?