--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বেলুচিস্তানৰ ৮০ শতাংশ অঞ্চলত পাকিস্তানী কর্তৃপক্ষই নিয়ন্ত্রণ হেৰুৱাইছে, এই মন্তব্য কৰিছে বেলুচ আমেৰিকান কংগ্ৰেছৰ সচিবপ্রধান ৰাজ্জাক বেলুচে। 

'টেগ টিভি'ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ৰাজ্জাক বেলুচে দাবী কৰি কয় যে বেলুচিস্তানৰ এই অঞ্চলসমূহত সন্ধিয়াৰ পাছত পাকিস্তানী সেনাই তহল দিবলৈ ভয় কৰে। কানাডা ভিত্তিক নিউজ চেনেলটোক সাক্ষাৎকাৰ দিয়াৰ সময়ত বেলুচ নেতাজনে কয় যে সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ বেলুচিস্তানৰ কুৱেটা চহৰৰ পথ নিৰ্জন হৈ পৰে। পাকিস্তানী সেনাই এই সময়ত চহৰখনৰ পথত তহল দিবলৈ ভয় কৰে। 

পাকিস্তানী কৰ্তৃপক্ষৰ আইন-শৃংখলা পৰিস্থিতি বিধ্বস্ত হোৱা বুলি দাবী কৰি বেলুচ নেতাজনে কয় যে পাকিস্তানী চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা বেলুচিস্তানৰ ৮০ শতাংশ অঞ্চল ওলাই গৈছে। তেওঁ ইছলামাবাদক সতৰ্ক কৰি কয় যে পাকিস্তানৰ পৰিস্থিতি ১৯৭১ চনৰ দৰে হ'ব। ১৯৭১ চনত পূব পাকিস্তান নাইকিয়া হৈ বাংলাদেশ হোৱাৰ দৰে এতিয়া বেলুচিস্তানো পাকিস্তানৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব বুলি তেওঁ ইছলামাবাদক সতর্ক কৰি দিয়ে। ৰাজ্জাক বেলুচৰ এই সাক্ষাৎকাৰটো বাতৰি সংস্থা এ এন আয়েও পৰিৱেশন কৰিছে। বেলুচ বিচ্ছিন্নতাবাদী আন্দোলনে তীব্র গতি লোৱাৰ সময়ত, ইতিমধ্যে পাক কর্তৃপক্ষই মাৰাং বেলুচৰ দৰে নেতাক আটক কৰি ৰাখিছে। ৰাজ্জাক বেলুচে কয় যে নিজৰ গৰিমা ৰাখি পাকিস্তানী সেনা বেলুচিস্তানৰ পৰা প্ৰত্যাহাৰ কৰিব লাগে। অন্যথা বাংলাদেশ সৃষ্টি হোৱাৰ সময়ত পাকিস্তানী সেনাৰ যি দুর্দশা হৈছিল, সেই অৱস্থা এতিয়া হ'বলৈ গৈ আছে বুলি বেলুচ নেতাজনে হুংকাৰ দিয়ে। 

বেলুচ সংগ্ৰামক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি দিয়াত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু গণতান্ত্রিক দেশসমূহক আহবান জনাই কয় যে তেওঁলোকে এই আন্দোলনক গতি প্ৰদান কৰিব লাগে। বেলুচ আন্দোলনত ভাৰতৰ সমৰ্থন সন্দর্ভত তেওঁক সোধাত তেওঁ কয় যে যদি ভাৰতে বেলুচিস্তানৰ স্বাধীনতাক সমর্থন জনাব বিচাৰে, তেনেহ'লে এইক্ষেত্ৰত ভাৰতৰ বাবে দুৱাৰ মুকলি আছে। তেওঁ আৰু এখোপ আগুৱাই গৈ কয় যে পাকিস্তানৰ বৰ্বৰ সেনাৰ বিৰুদ্ধে কেৱল বেলুচিস্তানতে প্রতিবাদ চলা নাই, পাকিস্তানৰ সকলো প্রদেশতে প্ৰতিবাদৰ ধ্বনি শুনা গৈছে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?