--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিদিনে পাকিস্তানৰ পৰা আহিছে বিস্ফোৰণৰ খবৰ। এইবাৰ ইয়াৰ আটাইতকৈ অশান্ত প্ৰদেশ বেলুচিস্তানত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা। য’ত চাৰিটা নিস্পাপ শিশুৱে হেৰুৱালে প্ৰাণ।

সন্ত্ৰাসবাদক আশ্ৰয় দিয়া দেশ পাকিস্তানে দৈনিক কেইবাটাও বিস্ফোৰণৰ সৈতে যুঁজি আছে, যাৰ বলি হৈছে সাধাৰণ নাগৰিক। পাকিস্তানৰ অশান্ত প্ৰদেশ বেলুচিস্তানত বিদ্ৰোহী সংগঠনে চৰকাৰৰ বিৰুদ্ধে ফ্ৰণ্ট মুকলি কৰিছে। 

বুধবাৰে বেলুচিস্তানৰ খুজদাৰৰ কৰাচী-কুৱেটা ৰাষ্ট্ৰীয় ঘাইপথৰ জিৰ’ পইণ্টৰ সমীপত এখন স্কুল বাছত বিস্ফোৰণ ঘটি চাৰিটা শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৮টা শিশু আহত হয়। বাছখন সেনাবাহিনীৰ স্কুল বাছ আছিল।

স্থানীয় বিষয়াসকলে জনোৱা মতে, শিশু কঢ়িয়াই অনা এখন স্কুল বাছখনে পথৰ কাষত ৰখাই থোৱা বিস্ফোৰক ভৰ্তি বাহনৰ কাষেৰে পাৰ হৈ যোৱাৰ ফলত এই বিস্ফোৰণ সংঘটিত হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ডাঙৰ জংচন ব্যস্ত জিৰ’ পইণ্ট এলেকাৰ আশে-পাশে সংঘটিত হয় এই ঘটনা। উপায়ুক্ত খুজদাৰে এই বিস্ফোৰণ আত্মঘাতী আক্ৰমণ বুলি জানিবলৈ দিয়ে।

ইফালে উপ আয়ুক্ত খুজদাৰে নিশ্চিত কৰিছে যে এই বিস্ফোৰণত চাৰিটা শিশু নিহত হোৱাৰ লগতে ৩৮ জনতকৈ অধিক লোক আহত হৈছে। তেওঁ কয় যে আহতসকলক চিকিৎসাৰ বাবে সংযুক্ত সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উপাযুক্তগৰাকীয়ে আৰু কয় যে এই বিস্ফোৰণটো আত্মঘাতী আক্ৰমণ আছিল আৰু এই ঘটনাৰ আঁৰৰ লোকসকলক চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত আছে।

বেলুচিস্তানত দীৰ্ঘদিন ধৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে, আমেৰিকাৰ দ্বাৰা নিৰ্ধাৰিত বেলুচিস্তান লিবাৰেচন আৰ্মীকে ধৰি বিভিন্ন বিচ্ছিন্নতাবাদী গোটে নিৰাপত্তা বাহিনী আৰু আন্তঃগাঁথনিক লক্ষ্য কৰি সঘনাই আক্ৰমণ কৰি আহিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?