--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইসপ্তাহমানৰ পৰা সমগ্ৰ দেশতে মৌচুমী সক্ৰিয় হৈ পৰিছে। ফলত দেশৰ বিভিন্ন ৰাজ্যত এতিয়া ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। ইয়াৰ প্ৰভাৱ উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰাতো পৰিছে। বতৰ বিজ্ঞান বিভাগে উত্তৰাখণ্ডৰ  সকলো জিলাতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। সমগ্ৰ ৰাজ্য খনত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। এনে পৰিস্থিতিত চাৰধাম যাত্ৰা সাময়িকভাৱে বন্ধ থাকিব বুলি স্থানীয় প্ৰশাসনে প্ৰকাশ কৰিছে। বিপদৰ পৰা হাত সাৰিবলৈ যাত্ৰীসকলক য’তেই আছে তাতেই  আশ্ৰয় ল’বলৈ কোৱা হৈছে। মন কৰিব যে প্ৰাকৃতিক  দুৰ্যোগৰ বাবেই জম্মু-কাশ্মীৰৰ অমৰনাথ যাত্ৰাও বন্ধ কৰি ৰখা হৈছে। 

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি উত্তৰাখণ্ডত অহা ৮ জুলাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ’ব পাৰে। ইতিমধ্যে কুমাওঁ, পৌৰী, চামোলি আৰু ৰুদ্ৰপ্ৰয়াগত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ডেৰাডুন, হৰিদ্বাৰ, তেহৰী আদি জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ধাৰাসাৰ বৰষুণৰ ফলত  ভূমিস্খলনৰ আশংকাও কৰা হৈছে। নদীবোৰো বাঢ়িবলৈ আৰম্ভ কৰিছে। মুঠতে এক বিপজ্জনক পৰিস্থিতিৰ বাবে সাজু হৈছে ৰাজ্য খন।  ১০ মে’ৰ পৰা আৰম্ভ হৈছিল চাৰধাম যাত্ৰা। নৱেম্বৰ মাহলৈকে এই যাত্ৰা চলি থাকিব। কিন্তু প্ৰতিকূল বতৰৰ বাবে চাৰধাম যাত্ৰা বন্ধ কৰি দিয়া হৈছে। ইফালে বতৰৰ বাবে শনিবাৰে বাতিল কৰা হয় অমৰনাথ যাত্ৰা। কাশ্মীৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। কোনো কোনো ঠাইত পথ পানীয়ে খহাই নিছে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে জম্মুৰ পৰা ৫৬০০ তীৰ্থযাত্ৰী বালতাল আৰু পাহেলগাঁও বেছকেম্পলৈ ৰাওনা হয়। অৱশ্যে দুৰ্যোগ আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকক মাজ বাটত ৰখাই দিয়া হয়। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জনাইছে যে বতৰ উন্নত নোহোৱালৈকে অমৰনাথ যাত্ৰাৰ অনুমতি দিয়া নহ’ব। মন কৰিবলগীয়া যে ২৯ জুনৰ পৰা আৰম্ভ হৈছিল অমৰনাথ যাত্ৰা। ১৯ আগষ্টলৈকে চলি থাকিব এই যাত্ৰা।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?