--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্রহ্মপুত্র নদীৰ ওপৰত চীনৰ এটা জলবিদ্যুৎ প্রকল্প নিৰ্মাণ কৰাৰ পৰিকল্পনাকে ধৰি ব্ৰহ্মপুত্ৰ সন্দৰ্ভৰ সকলো গতি-সূত্ৰ ভাৰতে 'পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি আছে। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সংসদক এই কথা জনায়। 

এটা প্রশ্নৰ লিখিত উত্তৰত ৰাজ্য সভাত বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী কীর্তি বর্ধন সিঙে কয় যে 'আমাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ' দুয়োখন দেশতে থকা নদীবোৰৰ বিষয়ত চীনৰ সৈতে ভাৰতে কথা-বার্তা চলাই আছে।

তেওঁ আৰু কয়- ব্রহ্মপুত্ৰৰ নামনিত থকা ভাৰতীয় নাগৰিকসকলৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষাৰ বাবে 'প্ৰতিৰোধক আৰু সংশোধনমূলক ব্যৱস্থা' গ্ৰহণ কৰা হৈছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ক প্রশ্ন কৰা হৈছিল যে ব্ৰহ্মপুত্ৰত বান্ধ নির্মাণে নামনি অংশত পানীৰ সোঁত আৰু পাৰিপাৰ্শ্বিক সুস্থিৰতাত প্ৰভাৱ পেলাব বুলি ভাৰতে উদ্বেগ প্রকাশ কৰা সত্ত্বেও য়াৰলুং ছাংপোত (ব্ৰহ্মপুত্ৰৰ তিব্বতৰ অংশ) এক বৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণত চীনে অনুমোদন জনোৱাটো সঁচানে? আৰু যদি অনুমোদন জনাইছে তেন্তে ভাৰতে চীনক এই বিষয়ত কৰা কূটনৈতিক উপস্থাপন আৰু চীনৰ প্ৰতিক্ৰিয়াৰ বিস্তৃত বিৱৰণ প্ৰশ্নৰ সৈতে বিচৰা হৈছিল। 

তদুপৰি অৰুণাচল আৰু অসমত পানীৰ সুলভতা, পলস জমা আৰু জৈৱ-বৈচিত্র্যত ইয়াৰ পৰিণামৰ বিষয়ে তথা চৰকাৰে প্ৰস্তাৱ লোৱা প্রশমনৰ কৌশলৰ বিষয়ে জানিব বিচৰা হৈছিল। মন্ত্রী সিঙে কয়, য়াৰলুং ছাংপোৰ নামনি অংশত এটা বৃহৎ বান্ধ প্রকল্পত অনুমোদন জনোৱা বুলি চীনে কৰা ঘোষণা ভাৰত চৰকাৰে বিশেষভাৱে গুৰুত্ব দিছে। মন্ত্রীজনে কয় যে দুয়োখন দেশতে বোৱা নদীবোৰৰ সম্পৰ্কত বিভিন্ন বিষয়ত ২০০৬ চনতে স্থাপন কৰা এক্সপার্ট লেভেল মেকানিজমত আলোচনা কৰাৰ উপৰি কূটনৈতিক বিভিন্ন পৰ্যায়ত আলোচনা কৰা হৈছে। 

কেন্দ্ৰীয় চৰকাৰে কয় যে উক্ত বৃহৎ বান্ধটোৰ সন্দৰ্ভত ২০২৪ চনৰ ৩০ ডিচেম্বৰতে চীনৰ ওচৰত ভাৰতৰ উদ্বেগৰ কথা জনোৱা হৈছে। তদুপৰি এই বিষয়ত স্বচ্ছতা আৰু নামনিত থকা দেশবোৰৰ সৈতে আলোচনাৰ প্রয়োজনীয়তাৰ কথাও চীনক কোৱা হৈছে। মন্ত্রীজনে কয় যে ২০২৫ চনৰ ২৬-২৭ জানুৱাৰীত ভাৰতৰ বিদেশ সচিবৰ চীন ভ্ৰমণৰ সময়ত দেশখনৰ উপ-বিদেশ মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত এই বিষয়টো উত্থাপন কৰা হৈছিল। সিঙে সংসদক জনায়, 'উক্ত ভ্ৰমণৰ সময়ত দুয়ো দেশত বোৱা নদী আৰু জল বিষয়ক তথ্য পুনৰ যোগান আৰু আন সহযোগিতাৰ বিষয়ে আগতীয়া এক বৈঠকৰ বাবে ভাৰত-চীন সন্মত হৈছিল।'

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?