--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফে এক সাক্ষাৎকাৰত নিজৰ অসুস্থতাৰ বিষয়ে মুকলিকৈ কয়। এলাৰ্জী, এণ্ডোমেট্ৰ’মা, এনিমিয়াকে ধৰি কেইবাটাও স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱা বুলিও কয় অভিনেত্ৰীগৰাকীয়ে। কেৱল এয়াই নহয়, তেওঁ গ্লুক’জ মনিটৰিং পেচ পিন্ধাও দেখা গৈছে। যিটো তেজত চেনিৰ মাত্ৰা অনুসৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

২০০৯ চনত কেটৰিনা কাইফৰ এণ্ডোমেট্ৰিয়াছিছৰ ফলত হোৱা অগুৰুতৰ অৱস্থা এণ্ডোমেট্ৰিয়ামা ধৰা পৰে। ডিম্বাশয়ৰ ভিতৰত এণ্ডোমেট্ৰিয়াল কলা বৃদ্ধি হ’লে এণ্ডোমেট্ৰ’মা হয়। এই অৱস্থাৰ বাবে কাইফৰ অস্ত্ৰোপচাৰ কৰা হয় আৰু দুদিন জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হয়। ডেইৰী আৰু গ্লুটেন এলাৰ্জীকে ধৰি কেইবাটাও এলাৰ্জীত আক্ৰান্ত হৈছে কাইফ। তেওঁক লাহে লাহে খোৱা, প্ৰচুৰ পৰিমাণে শাক-পাচলি খোৱা আৰু শৰীৰ ক্ষাৰকীয় কৰি ৰখাৰ পৰামৰ্শ দিয়া হৈছে।

শৰীৰত তেজৰ অভাৱৰ বাবে মূৰ ঘূৰোৱা, দুৰ্বলতা, মূৰ্চ্ছা যোৱা আদি সমস্যা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ আঁৰৰ কাৰণ হ’ল যেতিয়া শৰীৰৰ ৰক্তকণিকাবোৰ স্বাভাৱিকতকৈ কম হ’বলৈ আৰম্ভ কৰে তেতিয়া শৰীৰত তেজৰ অভাৱ হয়। এনে পৰিস্থিতিত আপোনাৰ শৰীৰত ৰক্তহীনতাৰ সমস্যা হয়। শৰীৰত তেজৰ অভাৱ যদি সঠিক সময়ত চিকিৎসা নকৰে তেন্তে ইয়াৰ ফলত বহুতো গুৰুতৰ ৰোগ হ’ব পাৰে। শৰীৰত আইৰণৰ অভাৱ হোৱাটো ৰক্তহীনতাৰ কাৰণ বুলি ধৰা হয়। শৰীৰত ৰক্তহীনতাৰ লক্ষণ আৰু তেজৰ অভাৱ কেনেকৈ দূৰ কৰিব পাৰি জানো আহক।

ৰক্তহীনতাৰ লক্ষণঃ-

১) দুৰ্বল অনুভৱ কৰা

২) মূৰ ঘূৰোৱা

৩) উশাহ-নিশাহ লোৱাত কষ্ট

৪) মূৰৰ বিষ আৰু হাত ভৰি ঠাণ্ডা

৫) ধমনীবোৰে দ্ৰুতগতিত কাম কৰিবলৈ আৰম্ভ কৰে

এইবোৰ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰকঃ-

১)পালেং শাকঃ শৰীৰত আইৰণৰ অভাৱ হ’লে তেজৰ অভাৱ হয়, এনে পৰিস্থিতিত আপুনি খাদ্য তালিকাত পালেং শাক অন্তৰ্ভুক্ত কৰিব লাগিব। পালেং শাকত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যিয়ে শৰীৰৰ তেজৰ অভাৱ দূৰ কৰাত সহায় কৰে।

২)বিলাহীঃ যদি আপুনি ৰক্তহীনতাত ভুগি আছে তেন্তে খাদ্যৰ তালিকাত বিলাহী অন্তৰ্ভুক্ত কৰক ৷ তেজৰ অভাৱ দূৰ কৰিবলৈ বিলাহী অতি উপযোগী। চালাড, শাক-পাচলি বা চূপ বনাই দৈনিক পান কৰিব পাৰে।

৩) কলঃ ৰক্তহীনতা হ’লে প্ৰতিদিনে কল খাব লাগে। কলত প্ৰচুৰ পৰিমাণে আইৰণ আৰু পটাছিয়াম থাকে। যাৰ বাবে তেজৰ অভাৱ সোনকালে ক্ষতিপূৰণ দিব পাৰি। ইয়াৰ ফলত ৰক্তহীনতাৰ সমস্যা দূৰ হয়।

৪)কিচমিচঃ শৰীৰত তেজৰ অভাৱ হ’লে প্ৰতিদিনে ৪ৰ পৰা ৫টা কিচমিচ ধুই গাখীৰৰ সৈতে উতলাই খাওক। ইচ্ছা কৰিলে দিনটোত দুবাৰকৈ সেৱন কৰিব পাৰে। কিচমিচে শৰীৰত তেজ গঠনত সহায় কৰে আৰু লগতে দুৰ্বলতা দূৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?