--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰসিংহ উদ্ভিদ অসমৰ লোকৰ অতি পৰিচিত। অৱশ্যে অসম বুলিয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চল, দাক্ষিণাত্য আৰু শ্ৰীলংকাকে আদি কৰি কিছু দেশতো নৰসিংহ বহু লোকৰে প্ৰিয়। দাক্ষিণাত্যৰ ফালে ইয়াৰ পাতক কাৰীপতা নামেৰে অভিহিত কৰা হয়। আমাৰ ৰাজ্যত ইয়াক খাদ্য আৰু ঔষধৰ ৰুপত দীৰ্ঘদিন ব্যৱহাৰ কৰি অহা হৈছে। 

নৰসিংহৰ জোল খাবলৈ অতি উত্তম। মাছৰ সৈতে নৰসিংহ জোলৰ সোৱাদেই সুকীয়া। নৰসিংহৰ কোমল পাত আদা, নহৰু আৰু জলকীয়াৰ লগত মিহলাই পিহি মগুৰ ৰুপত চাটনি কৰিও খোৱা হয়। ইয়াৰ বিপৰীতে কেঁচা পাত দাইলত দি বা তৰকাৰি কৰিও খাব পাৰি । নৰসিংহৰ পাত পিহি পোৱা ৰসৰ লগত কাঠমাছ, যেনে-কাৱৈ,গৰৈ,শ’ল,শাল,মাগুৰ,শিঙি আদিৰ লগত জোল কৰি খালে বহু তৃপ্তি পোৱা যায়। নৰসিংহ পাতৰ পকৰী খাবলৈও বৰ ভাল। নৰসিংহ বহু ঔষধি গুণৰে ভৰপূৰ। 



জানো আহক এই পাতৰ উপকাৰিতা-

১)নৰসিংহৰ পাতে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। ই ডায়েৰিয়া, পাইলচ, ডিচেন্ট্ৰি,মন্দাগ্নি আৰু মধুমেহ ৰোগত বিশেষ লাভজনক।

২)নৰসিংহৰ পাত চুলিৰ বাবে এক মহৌষধ । নৰসিংহৰ পাত পিহি লগালে চুলি পকা আৰু চুলি সৰা সমস্যাৰ পৰা হাত হাৰিব পাৰি। লগতে এই নিয়ম 

৩)চুলিত ওকণি হোৱাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিলে ভাল ।

৪)নৰসিংহৰ পাতত এণ্টি অক্সিডেণ্ট পোৱা যায় যি আমাৰ বৃদ্ধাৱস্থা দূৰ কৰিব পাৰে। 

৫)কেঞ্চাৰৰ কোষবিলাক বাঢ়িবলৈ নিদিয়ে ।

৬)জুইয়ে পোৰা,কটা ছিঙা দাগ আদিত নৰসিংহৰ পাত পিহি লগালে লাভ হয়। 


৭)কোনো কীট পতংগই কামুৰিলে নৰসিংহৰ পাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই লগালে আৰাম পোৱা যায়।

৮) নৰসিংহৰ পাত চকুৰ কাৰণেও উপকাৰী । ইয়াত মজুত থকা এণ্টি অক্সিডেণ্টে চকুৰ কেটেৰেক্ট বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে আৰু চকুৰ দৃষ্টিশক্তি বঢ়াই তোলে ।

৯)নৰসিংহৰ পাতে শৰীৰৰ বৰ্ধিত কেলৰি হ্ৰাস কৰে আৰু শৰীৰক যিকোনো সংক্ৰমণৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে। 

১০)শৰীৰৰ বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ  প্ৰতিদিনে কেইটামান নৰসিংহৰ পাত খোৱা উচিত।

১১)দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ, পূঁজ আদি বাহিৰ হ’লে নৰসিংহৰ পাতৰ আঞ্জা খালে সকাহ পোৱা যায়।

১২) মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হৈ পেটৰ বিষ হ’লে নৰসিংহৰ জোল খালে সকাহ পোৱা যায়।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?