--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে ইতিমধ্যেই নিজকে প্ৰতিষ্ঠা কৰিছে বিৰাট কোহলীয়ে। এই সময়ত বিশ্বৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় ক্ৰিকেটাৰো হৈছে বিৰাট। খেলপথাৰত নিজৰ বেটিং বিক্ৰমৰ বাবে জনাজাত কোহলীয়ে খেলপথাৰৰ বাহিৰতো নিজৰ ষ্টাইলিছ চেহেৰাই অনুৰাগীক আকৰ্ষিত কৰি আহিছে। ক্ৰিকেট ফিল্ডত এটাৰ পিছত আন এটাকৈ অভিলেখ ভাঙি নতুন অভিলেখ ৰচা কোহলীয়ে এইবাৰ গঢ়িছে এক ডিজিটেল অভিলেখ। 

ভাৰত আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে মঙলবাৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ২০০ মিলিয়ন অনুৰাগীৰ সংখ্যা অতিক্ৰম কৰে। এইদৰে সামাজিক মাধ্যমত ২০০ মিলিয়ন অনুৰাগীৰ সংখ্যা স্পৰ্শ কৰা প্ৰথম ভাৰতীয় তথা এছিয়ান হিচাপে পৰিগণিত হৈছে কোহলী। 

লগতে সামগ্ৰিকভাৱে এই ঈৰ্ষণীয় মাইলষ্ট’ন অতিক্ৰম কৰা বিশ্বৰ ভিতৰতে কেৱল মাত্ৰ তৃতীয়গৰাকী খেলুৱৈতো পৰিণত হয় কোহলী। সামাজিক মাধ্যমত কেৱল লিঅ'নেল মেছি (৩৩৩ মিলিয়ন) আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰহে (৪৫০ মিলিয়ন) কোহলীতকৈ অধিক অনুৰাগী আছে।

দুশ মিলিয়ন অনুৰাগীৰ সংখ্যা স্পৰ্শ কৰাৰ লগে লগে কোহলীয়ে তেওঁৰ অনুৰাগী সকলক ধন্যবাদ জনায়। এটা ইনষ্টাগ্ৰাম পোষ্টত কোহলীয়ে কয়, "২০০ মিলিয়নেৰে শক্তিশালী। আপোনালোকৰ এই সমৰ্থনৰ বাবে ধন্যবাদ।" 

উল্লেখ্য যে শেহতীয়াকৈ ৰান মেচিন ৰূপে খ্যাত কোহলী নাই নিজৰ স্বাভাৱিক ফৰ্মত। বিগত দুটা বছৰত স্বভাৱসিদ্ধ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছে কোহলী। এসময়ত বিশ্বমানৰ তাৰকা বলাৰক নিৰ্দয় প্ৰহাৰেৰে তড়িৎ গতিত ৰান সংগ্ৰহ কৰা কিং কোহলী শেহতীয়াকৈ হৈ পৰিছে তেনেই নিষ্প্ৰভ। এটাৰ পিছত এটাকৈ শতক অৰ্জনেৰে ক্ৰিকেট জগতত ‘আনষ্টপেবল ৰান মেচিন’ আখ্যা পোৱা কোহলীৰ বেটৰ পৰা বিগত দুটা বৰ্ষত নিৰ্গত হোৱা নাই এটাও শতক।

যোৱা বৰ্ষৰ আইচিচি টি-২০ বিশ্বকাপৰ পিছত কোহলীয়ে টি-২০ ফৰ্মেটৰ অধিনায়কৰ পদো ত্যাগ কৰিছিল। তাৰ পিছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) কোহলীক এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা আঁতৰাই ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছিল। আনহাতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজয়ৰ পিছত টেষ্ট অধিনায়কত্বও ত্যাগ কৰিছিল কোহলীয়ে। 

সদ্য সমাপ্ত আই পি এলৰ পূৰ্বে কোহলীৰ ফ্ৰেঞ্চাইজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ অধিনায়ক পদৰ পৰাও অব্যাহতি লৈছিল কোহলীয়ে। অৱশ্যে দলৰ হৈ প্ৰতিযোগিতাখনত ভাগ লৈছিল যদিও ৰান সংগ্ৰহত ব্যৰ্থ হৈছিল কোহলী। 

ক্ৰিকেট ফিল্ডত এনেদৰে ধাৰাবাহিকভাৱে ব্যৰ্থ হৈ অহাৰ পিছতো তাৰকাগৰাকীৰ প্ৰতি হ্ৰাস পোৱা নাই অনুৰাগীৰ মৰম। এতিয়াও কিং কোহলীৰ প্ৰতি আছে প্ৰতিজন তাৰকাৰে অগাধ বিশ্বাস। আৰু এই বিশ্বাসৰে প্ৰতিফলিত প্ৰমাণ সামাজিক মাধ্যমত ২০০ মিলিয়ন অনুৰাগীৰ মৰম। 

উল্লেখ্য যে ৯ জুনৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাত বিশ্ৰাম দিয়া হৈছে কোহলীক। কোহলীসহ দলৰ কেইবাগৰাকীও জেষ্ঠ খেলুৱৈ এই সময়ত ব্যস্ত থাকিব ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্টৰ বাবে অনুশীলনত। 

তদুপৰি চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। দলৰ বেটিং ক্ৰমৰ মূল স্তম্ভ হিচাপে কোহলী এনে সময়ত ফৰ্মলৈ ঘূৰি অহা অতি প্ৰয়োজন। অনুৰাগীৰ আশা, কোহলীয়ে তাৰ পূৰ্বেই নিজৰ স্বভাৱসিদ্ধ ফৰ্মৰ প্ৰমাণ দি সকলোকে আশ্বস্ত কৰিব।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?